গুৱাহাটী ঃ ষ্টাফ ৰিপ’র্ৰ, ২ আগষ্ট ঃ অসম আৰু মিজোৰামৰ সীমা সমস্যাক লৈ হোৱা সংঘাতৰ পাছত অৱশেষত টিঙৰ পৰা নামিবলৈ বাধ্য হ’ল মিজোৰামৰ মুখ্যমন্ত্রী জোৰামথাংগা৷ কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহৰ হস্তক্ষেপৰ পাছত অৱশেষত সকলো গোচৰ প্রত্যাহাৰ কৰিবলৈ মিজোৰাম বাধ্য হ’ল৷
আনহাতে অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মায়ো মিজোৰামৰ ৰাজ্য সভাৰ সাংসদ কে ভেনলালভেনাৰ বিৰুদ্ধে থকা গোচৰ প্রত্যাহাৰ কৰিবলৈ নির্দেশ দিছে৷ উল্লেখযোগ্য যে যোৱা ২৬ জুলাইত অসম-মিজোৰাম সীমান্তৰ লাইলাপুৰত মিজোৰামৰ আৰক্ষী আৰু দুষ্কৃতিকাৰীয়ে কৰা আক্রমণৰ পাছত সৃষ্টি হোৱা উত্তেজনাময় পৰিস্থিতিৰ উপশম ঘটাবৰ বাবে কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহে হস্তক্ষেপ কৰিছিল৷
দিল্লীলৈ প্রথমে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্রীদ্বয়ক শ্বাহে তলব কৰিছিল যদিও মিজোৰামৰ মুখ্যমন্ত্রীজন যোৱা নাছিল৷ পাছত টেলিফ’নযোগে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্রীৰ সৈতে কেন্দ্রীয় গৃহ মন্ত্রীজনে আলোচনাত মিলিত হয়৷ তাৰ পাছতে মিজোৰামৰ মুখ্যমন্ত্রীজন নৰম হ’বলৈ বাধ্য হয়৷ প্রথমে মিজোৰামৰ মুখ্যমন্ত্রী জোৰাম থাংগাই আলোচনাৰ মাধ্যমেৰে সীমা সমস্যা সমাধান কৰিবলৈ মান্তি হ’ল৷
তাৰ পাছতে অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাৰ বিৰুদ্ধে মিজো আৰক্ষীয়ে ৰুজু কৰা গোচৰ প্রত্যাহাৰ কৰিবলৈ নির্দেশ দিয়ে৷ কিন্তু আজি মিজোৰামৰ মুখ্যমন্ত্রীজনে লাইলাপুৰ-কাণ্ডৰ পাছত অসমৰ মুখ্যমন্ত্রীৰ লগতে আৰক্ষীৰ বিৰুদ্ধে ৰুজু কৰা সকলো গোচৰ প্রত্যাহাৰ কৰিবলৈ মিজো আৰক্ষীক নির্দেশ দিয়ে৷ টুইটাৰযোগে তেওঁ লাইলাপুৰ-কাণ্ডৰ পাছত ৰুজু কৰা সকলো গোচৰ প্রত্যাহাৰ কৰা বুলি ঘোষণা কৰে৷
লক্ষণীয় যে অসমৰ ভূমিত প্রৱেশ কৰি অসমৰ মানুহৰ ওপৰত আক্রমণ কৰি মিজোৰামে ওলোটাই কেইবাটাও গোচৰ ৰুজু কৰিছিল৷ আজি আলোচনাৰ বাবে সুস্থ পৰিৱেশ গঢ়ি তোলাৰ স্বার্থতে সকলো গোচৰ প্রত্যাহাৰ কৰা বুলি তেওঁ ঘোষণা কৰে৷
ইফালে কালি অসমৰ মুখ্যমন্ত্রীজনৰ বিৰুদ্ধে মিজো আৰক্ষীয়ে ৰুজু কৰা গোচৰ প্রত্যাহাৰ কৰিবলৈ জোৰাম থাংগাই নির্দেশ দিয়াৰ পাছত আজি অসমৰ মুখ্যমন্ত্রীজনে অসম আৰক্ষীক মিজোৰামৰ ৰাজ্য সভাৰ সাংসদ কে ভেনলালভেনাৰ বিৰুদ্ধে থকা গোচৰ প্রত্যাহাৰ কৰিবলৈ নির্দেশ দিয়ে৷
ৰাজ্য সভাত মিজোৰামৰ একমাত্র সাংসদজনে সংসদৰ অধিৱেশন চলি থকাৰ সময়ত বাহিৰলৈ আহি সংবাদ মাধ্যমৰ আগত প্রৰোচনামূলক মন্তব্য প্রকাশ কৰিছিল৷ তেওঁ অসমৰ আৰক্ষী পুনৰ সীমান্তলৈ গ’লে সকলোকে হত্যা কৰাৰ ভাবুকিও প্রদান কৰিছিল৷ তেওঁ কৈছিল যে প্রথমে অসমৰ আৰক্ষীয়েহে মিজোৰামৰ ভূমিত প্রৱেশ কৰিছিল৷ সেইদিনা অসম আৰক্ষীৰ ভাগ্য ভাল আছিল যে সকলোকে মাৰি পেলোৱা নহ’ল বুলিও উল্লেখ কৰি পুনৰ তালৈ গ’লে সকলোকে মাৰি পেলোৱা হ’ব বুলি কৈছিল৷
ৰাষ্ট্রীয় সংবাদ মাধ্যমত এই প্রৰোচনামূলক কথা প্রকাশ পোৱাৰ পাছতে ধলাই আৰক্ষী থানাত তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি দিল্লীলৈ দুজন এছ পি পর্যায়ৰ বিষয়াৰ নেতৃত্বত অসম আৰক্ষীৰ দল প্রেৰণ কৰা হৈছিল৷
সাংসদজনৰ উপৰি কলাছিব জিলাৰ উপায়ুক্ত আৰু ভাইৰেংটেৰ এছ ডি পি অ’ৰ বিৰুদ্ধে থকা গোচৰো অসমে প্রত্যাহাৰ কৰিছে৷ ইফালে কেন্দ্রীয় গৃহ মন্ত্রীৰ সৈতে আলোচনাত অসমৰ মুখ্যমন্ত্রীজনে আলোচনাৰ মাধ্যমেৰে সমস্যাটো সমাধান কৰাৰ পোষকতা কৰিছিল৷ তেওঁ উত্তৰ-পূবৰ সকলো ৰাজ্যৰ সৈতে ভাতৃত্বসুলভভাৱে একত্রিত হৈ থাকিবলৈ বিচাৰে বুলিও প্রকাশ কৰিছিল৷
Comments