Classifieds
View All
গুৱাহাটী, ৩ আগষ্টঃ নিশা গুৱাহাটী মহানগৰীৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথলৈ অহা-যোৱা কৰা মালবাহী ট্ৰাকৰ পৰা আৰক্ষীয়ে দীৰ্ঘদিনৰ ধৰি ধন সংগ্ৰহ কৰি আহিছিল। কালি গুৱাহাটী আৰক্ষীৰ এজন কনিষ্টবল আৰু তিনিজন গৃহৰক্ষীক নিশা ট্ৰাকচালকৰ পৰা ধন আদায় কৰাৰ অভিযোগত তৎকালীনভাৱে নিলম্বন কৰা হয়।
তথ্য অনুসৰি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰে চলাচল কৰা ট্ৰাকসমূহৰ পৰা পশ্চিম আৰক্ষী থানাত নিয়োজিত কনিষ্টবল সহ ৩ জন গৃহৰক্ষী জোৱানে টকা লোৱাৰ দৃশ্য কেমেৰাত আৱদ্ধ হোৱাত আটাইকেইজনকে কৰ্তব্যৰ পৰা নিলম্বন কৰা হয়।
বৰ্তমান চাৰিও গৰাকীৰ বিৰুদ্ধে তদন্ত অব্যাহত আছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
Comments