Cartoon
View Older
গুৱাহাটী,১ আগষ্ট: প্ৰাক্তন কংগ্ৰেছ নেতা সুশান্ত বৰগোহাঁইয়ে আজি আবেলি ৩ বজাত ভাৰতীয় জনতা পাৰ্টিত আনুষ্ঠানিকভাৱে যোগদান কৰে।আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰাৰ পূৰ্বে সুশান্ত বৰগোহাঁইয়ে দেওবাৰে তেওঁৰ বাসগৃহত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰিছিল। কংগ্ৰেছৰ এজন গুৰুত্বপূৰ্ণ বিধায়ক সুশান্ত বৰগোহাঁইয়ে বিজেপিত যোগদানৰ পিছতেই নিজৰ মন্তব্য প্ৰকাশ কৰিলে প্ৰদেশ কংগ্ৰেছৰ নৱ-নিযুক্ত সভাপতি ভূপেন বৰাই ।
তেওঁ কয়,"বিজেপিয়ে চৰকাৰত থকাৰ পিছতো ৬৪ খন আসন পোৱাৰ বাবে যৎপৰোনাস্তি চেষ্টা চলাইছে। সুশান্ত বৰগোঁহাইৰ আত্মবিশ্বাস হেৰাইছে,৬৪ খন আসন পোৱাৰ পিছত বিজেপিয়ে কংগ্ৰেছ আৰু ইউপিপিএলক গুৰুত্ব নিদিব । তেওঁলোকে দুয়োটা দলক বিজেপিৰ লগত একত্ৰিত হোৱাত আহ্বান জনাব আৰু ইয়াৰ সঁহাৰি নাপালে দুয়োটা দলকেই এৰি দিব।"
Comments