Classifieds
View All
গুৱাহাটী,৪ আগষ্ট:ভাৰত চৰকাৰৰ মহাত্মা গান্ধী নেশ্যনেল কাউঞ্চিল অব ৰুৰেল এডুকেশ্বনৰ দ্বাৰা আয়ােজিত স্বচ্ছতা একশ্যন প্লেনৰ ২০২০ বৰ্ষৰ বিশেষ কার্যসূচীৰ অধীনত বজালী জিলাৰ ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ে লাভ কৰিছে গ্রীণ চেম্পিয়ন ৰাষ্ট্ৰীয় বঁটা ।
উল্লেখ্য , ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ চৌহদত সেউজকৰণ, জল সংৰক্ষণ, পৰিষ্কাৰ - পৰিচ্ছন্নতা, বৃক্ষৰােপণ, শক্তি আৰু পানী আদিৰ আকর্ষণীয়তাৰ বাবে মহাবিদ্যালয়খন গ্রীণ চেম্পিয়ন ৰাষ্ট্ৰীয় বঁটাৰ বাবে নির্বাচিত হৈছে । মহাবিদ্যালয়খনে এই বঁটা লাভ কৰিবলৈ সক্ষম হোৱাত আটাইকে ধন্যবাদ জনাইছে অধ্যক্ষ ডঃ মুকুণ্ড শৰ্মাই ৷
Comments