গুৱাহাটী,৪ আগষ্ট:বহুত খেলুৱৈয়ে লকডাউন,ইয়াৰ নীতি নিয়ম আৰু তেওঁলোকৰ পৰিয়ালৰ পৰা দীঘলীয়া দূৰত্বৰ বাবে একপ্ৰকাৰে হীনমন্যতাত ভুগিছে।বেন ষ্টোকছৰ পৰা নাওমি ওচাকাৰ দৰে তাৰকাসকলে সাম্প্ৰতিক পৰিস্থিতিত মানসিক স্বাস্থ্যত ভুগি থকা বুলি মুকলিকৈ স্বীকাৰ কৰিছে আৰু খেলৰ পৰা আঁতৰি আহিছে।
প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ তথা 'দ্য ৱাল' ৰূপে খ্যাত ৰাহুল দ্ৰাবিড় ইয়াকে লৈ সুখী কাৰণ অৱশেষত মানসিক স্বাস্থ্যৰ ওপৰত মুকলিকৈ আলোচনা হৈছে। তেওঁ কয়,"ক্ৰীড়া জগতত মানসিক স্বাস্থ্য সদায়েই এটা ডাঙৰ সমস্যা আছিল আৰু এতিয়াও বিৰাজমান,ক্ৰিকেটতো ইয়াৰ প্ৰভাৱ যথেষ্ঠ পৰিমানে আছে।
যোৱা দশকত, বহুতো খেলুৱৈয়ে আগবাঢ়ি আহি সত্যক স্বীকাৰ কৰিবলৈ সাহস কৰিছে। এইটো এটা অতি ইতিবাচক দিশ। ক্ৰীড়া জগতত বিশেষকৈ ক্ৰিকেটত ভাল প্ৰদৰ্শন কৰাৰ বাবে সদায় এটা চাপ থাকে। খেলুৱৈ সকলে এই চাপটো চম্ভালিব লাগিব আৰু তেওঁলোকৰ নিজৰ খেল ভালদৰে খেলি যাব লাগিব।"
Comments