গুৱাহাটী, ৫ আগষ্টঃ ক'ৰনা ভাইৰাছৰ সাম্ভাৱ্য তৃতীয় ঢৌৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহক আকৌ এবাৰ সতৰ্ক কৰি দিছে। কেন্দ্ৰীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণে ৰাজ্যসমূহৰ মুখ্য সচিবসকললৈ এখন পত্ৰ প্ৰেৰণ কৰিছে। য'ত দেশত অনুষ্ঠিত হ'বলগীয়া আগন্তুক উৎসৱবোৰত ৰাজ্যসমূহক সাৱধানতা মানি চলিবলৈ সতৰ্ক কৰা হৈছে।
ৰাজ্যৰ সচিবসকললৈ প্ৰেৰণ কৰা পত্ৰত আৰু উল্লেখ কৰা হৈছে যে, আগন্তক উৎসৱবোৰত জনসমাগমৰ প্ৰতি ৰাজ্যসমূহে লক্ষ্য ৰাখিব লাগিব। ক'ভিডৰ সকলো প্ৰট'কল মানি চলিব লাগিব। পত্ৰখনত ১৯ আগষ্টত মহৰম, ৩০ আগষ্টত জন্মাষ্টমী, ১০ ছেপ্টেম্বৰত গণেশ চতুৰ্থী আৰু ৫ ৰ পৰা ১৫ অক্টোবৰলৈ দুৰ্গা পূজাৰ বাবে ক'ভিডৰ নিয়ম অনুসৰণ কৰিবলৈ পৰামৰ্শ আগবঢ়োৱা হৈছে।
শেষত কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহক কৈছে যে, "এই উৎসৱৰ বতৰত বৃহৎ জনসমাগম হোৱাৰ সম্ভাৱনা আছে। গতিকে ৰাজ্যসমূহে স্থানীয় পৰ্যায়ত প্ৰতিবন্ধকতা আৰোপ কৰিব পাৰে যাতে মানুহে ভিৰ নকৰে। এসময়ত বাঢ়ি অহা ক'ৰনাৰ বৰ্ধিত সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত সামান্য অসাৱধানতাৰ ফলত পুনৰ সংক্ৰমণ বিয়পিব পাৰে।
Comments