গুৱাহাটী, ৫ আগষ্টঃ মহাৰাষ্ট্ৰৰ পালঘৰ জিলাৰ পৰা এটা শোকাবহ ঘটনাৰ খবৰ পোৱা গৈছে। বিৰাৰ চহৰত কভিডত আক্রান্ত বৃদ্ধ পিতৃৰ মৃত্যু হোৱাৰ পিছতো মৃতদেহটো তিনিদিন ধৰি কোঠালিতে আৱদ্ধ হৈ পৰি আছিল, আৰু মৃতব্যক্তিজনৰ দুই জীয়ৰীয়ে কভিড আক্রান্ত হৈ ঘৰতে আৱদ্ধ হৈ থাকিব লাগিব বুলি ভাবি ভয়তে আত্মহত্যাৰ পথ বাচি ল'বলগীয়া হয়। তাৰ ফলত এগৰাকী ছোৱালীৰ মৃত্যু হয় আৰু আন এগৰাকীৰ কথমপি প্ৰাণ ৰক্ষা পৰে।
ছোৱালী দুগৰাকীয়ে আশংকা কৰিছিল যে তেওঁলোকৰ দেউতাকৰ মৃত্যুৰ পিছত তেওঁলোকো ক'ৰনাৰ পৰীক্ষাৰ ফলাফলত সংক্ৰমিত হোৱা বুলি দেখুৱাব আৰু ঘৰতে কোৱৰেন্টিন হৈ থাকিব লাগিব। অৰ্ণলা সাগৰী আৰক্ষী থানাৰ জ্যেষ্ঠ পৰিদৰ্শক ৰাজু মানে উক্ত বিষয় সন্দৰ্ভত জনায় যে, "অৱসৰপ্ৰাপ্ত খাদ্য আৰু অসামৰিক যোগান বিষয়া হৰিদাস সাহৰকাৰৰ মৃতদেহ বুধবাৰে বিৰাৰৰ গোকুল চহৰত তেওঁৰ নিজ বাসগৃহত পোৱা গৈছিল।
আৰক্ষী বিষয়াজনে লগতে কৈছিল যে, "ঘটনাটো তেতিয়া পোহৰলৈ আহে, যেতিয়া সাহৰকাৰৰ সৰু জীয়েক স্বপ্নালীয়ে (৩৬) দিনতে নৱাপুৰৰ সাগৰত জঁপিয়াই পৰিছিল আৰু পৰৱৰ্তী সময়ত স্থানীয় লোকসকলে উদ্ধাৰ কৰিছিল আৰু কথপমি প্ৰাণ ৰক্ষা পৰিছিল।
ইপিনে সাহৰকাৰৰ আন এগৰাকী জীয়ৰী তথা জ্যেষ্ঠ কন্যা বিদ্যা (৪০)য়ো নৱাপুৰৰ সাগৰত জঁপিয়াই আত্মহত্যা কৰিছিল আৰু মঙলবাৰে আৰক্ষীয়ে তেওঁৰ মৃতদেহ উদ্ধাৰ কৰে।
বৰ্তমান আৰক্ষীয়ে আত্মহত্যাৰ ঘটনাটোৰ ওপৰত তদন্ত চলাই আছে, আৰু আৰক্ষীয়ে মৃত্যুৰ দুটা গোচৰ ৰুজু কৰিছে। লগতে মৃতকৰ অন্তিম সংস্কাৰ আৰক্ষীৰ তত্বাৱধানত সম্পন্ন কৰা হৈছে আৰু গোচৰটোৰ তদন্ত চলি আছে বুলি আৰক্ষী বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে।
Comments