গুৱাহাটী ঃ ষ্টাফ ৰিপ’টর্া়ৰ, ৩ আগষ্ট ঃ ঐতিহাসিক অসম চুক্তিৰ আধাৰত ডিব্রুগড়ৰ লেপেটকটাত স্থাপন কৰা গেছ ক্রেকাৰ প্রকল্পটো ভীষণ লোকচানৰ সন্মুখীন হৈছে৷ উৎপাদন আৰম্ভ হোৱাৰ পৰাই প্রতি বছৰেই প্রকল্পটোৱে সন্মুখীন হৈ আহিছে লোকচানৰ৷ আনকি যোৱা তিনিটা বিত্তীয় বর্ষতে প্রকল্পটোৰ লোকচান হৈছে ২৭৩.২২ কোটি টকা৷
অসমবাসীৰ আৱেগ- অনুভূতিৰ সৈতে জড়িত হৈ থকা গেছ ক্রেকাৰ প্রকল্পটোৰ সন্দর্ভত এই উদ্বেগজনক তথ্য প্রকাশ কৰিছে খোদ কেন্দ্রীয় চৰকাৰে৷ লোক সভাৰ মজিয়াত কেন্দ্রীয় বিত্ত বিভাগৰ ৰাজ্য মন্ত্রী ড০ ভগৱত কে কাৰাডে প্রকাশ কৰা মতে, দেশৰ যিসমূহ ৰাজহুৱা খণ্ডৰ প্রতিষ্ঠান সম্প্রতি লোকচানৰ সন্মুখীন হৈ আছে, উক্ত প্রতিষ্ঠানসমূহৰ তালিকাত অসমৰ ব্রহ্মপুত্র ক্রেকার্ছ এণ্ড পলিমাৰ লিমিটেডো অন্তর্ভুক্ত হৈ আছে৷
বিগত তিনিটা বিত্তীয় বর্ষত প্রতিষ্ঠানটোৰ লোকচানৰ পৰিমাণ হৈছে ২৭৩.২২ কোটি টকা৷ মন্ত্রীজনে প্রকাশ কৰা বিস্তৃত তথ্য অনুসৰি ব্রহ্মপুত্র ক্রেকার্ছ এণ্ড পলিমাৰ লিমিটেডে ২০১৭-১৮ বিত্তীয় বর্ষত ৮০.৩০ কোটি, ২০১৮-১৯ বিত্তীয় বর্ষত ৬৩.১৫ কোটি আৰু ২০১৯-২০ বিত্তীয় বর্ষত সর্বাধিক ১২৯.৭০ কোটি টকা লোকচানৰ সন্মুখীন হৈছে৷
আনহাতে ব্রহ্মপুত্র ক্রেকার্ছ এণ্ড পলিমাৰ লিমিটেডৰ উপৰি লোকচানৰ সন্মুখীন হোৱা অসমত থকা আন এটা ৰাজহুৱা খণ্ডৰ উদ্যোগ হৈছে নর্থ ইষ্টার্ন ৰিজনেল এগ্রি মার্কেটিং কর্প’ৰেশ্যন লিমিটেড৷ যোৱা তিনিটা বিত্তীয় বর্ষত এই প্রতিষ্ঠানটোৰ লোকচান হৈছে মুঠ ২০.৫৮ কোটি টকা৷
কেন্দ্রীয় মন্ত্রীজনে প্রকাশ কৰা মতে, ২০১৭-১৮ বিত্তীয় বর্ষত এই প্রতিষ্ঠানটোৰ ৬.৬২ কোটি, ২০১৮-১৯ বিত্তীয় বর্ষত ৬.৯৮ কোটি আৰু ২০১৯-২০ বিত্তীয় বর্ষতো ৬.৯৮ কোটি লোকচানৰ সন্মুখীন হৈছে৷ অৱশ্যে উক্ত ৰাজহুৱা খণ্ডৰ প্রতিষ্ঠান দুটাই কি কাৰণত প্রতি বছৰে লোকচানৰ সন্মুখীন হৈ আহিছে, সেই সন্দর্ভত কোনো কথা প্রকাশ কৰা নাই কেন্দ্রীয় মন্ত্রীজনে৷
কিন্তু কেন্দ্রীয় মন্ত্রীজনে অসম চুক্তিৰ আধাৰত স্থাপন কৰা গেছ ক্রেকাৰ প্রকল্প অর্থাৎ ব্রহ্মপুত্র ক্রেকার্ছ এণ্ড পলিমাৰ লিমিটেডে সন্মুখীন হোৱা লোকচানৰ যি তথ্য ৰাজহুৱা কৰিছে, তাক লৈ অসমবাসী উদ্বিগ্ন হৈ পৰিছে৷ কিয়নো বহু আশাৰে ডিব্রুগড়ত এই প্রকল্পটো স্থাপন কৰা হৈছিল৷ সকলোৱে আশা কৰিছিল গেছ ক্রকাৰ প্রকল্প হৈ উঠাৰ পাছত উজনি অসমৰ অর্থনৈতিক পৰিৱেশ সলনি হৈ পৰিব৷
কিন্তু ৰাজনৈতিক মেৰপাকত প্রকল্পটো নির্মাণো সময়ত হৈ উঠা নাছিল৷ অসম চুক্তি স্বাক্ষৰ হোৱাৰ প্রায় তিনিটা দশকৰ পাছতহে ২০১৬ চনৰ ৫ ফেব্রুৱাৰীত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে উক্ত প্রকল্পটো ৰাইজৰ সেৱাৰ বাবে উৎসর্গিত কৰিছিল৷ কিন্তু এতিয়া প্রকল্পটোৱে উৎপাদন আৰম্ভ কৰাৰ পাছৰে পৰাই লোকচানৰ সন্মুখীন হ’ব লগীয়া হৈছে৷
এনে পৰিস্থিতিত প্রতিষ্ঠানটোৱে সন্মুখীন হোৱা সমস্যাসমূহ সমাধান কৰি যদি প্রতিষ্ঠানটোক লাভজনত উদ্যোগলৈ পৰিণত কৰা নহয়, তেনেহলে বিপদ ঘণ্টা বাজিবলৈ বেছি দিন যে নালাগিব, সেয়া নিশ্চিত৷
Comments