Classifieds
View All
গুৱাহাটী, ৪ আগষ্টঃ অৰুণাচল প্ৰদেশৰ নামচাই জিলাত শীঘ্ৰে দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হ'ব বুলি অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে জানিবলৈ দিয়ে।
বৰ্তমান, ইটানগৰৰ ওচৰৰ নাহৰলাগুনত টমো ৰিবা স্বাস্থ্য আৰু চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান (ট্ৰাইএইচএমএছ) নামেৰে একমাত্র চিকিৎসা মহাবিদ্যালয়খন আছে।
অৰুণাচলৰ মুখ্যমন্ত্রী গৰাকীয়ে ৰাজ্যখনৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী আলো লিবাঙৰ নেতৃত্বত যোৱা এটা দলৰ সৈতে দিল্লীত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডৱিয়াক সাক্ষাৎ গ্ৰহণ কৰে, আৰু উক্ত সাক্ষাৎকাৰৰ অন্তত কেন্দ্রীয় মন্ত্ৰী গৰাকীয়ে চিকিৎসালয় নিৰ্মাণ কৰাৰ আশ্বাস প্ৰদান কৰে।
Comments