গুৱাহাটী, ৬ আগষ্টঃ টকিঅ' অলিম্পিকৰ ব্ৰঞ্জ বিজয়ী ভাৰতীয় দলৰ অংশ হোৱা মণিপুৰৰ হকী খেলুৱৈ নীলাকান্ত শৰ্মাক চৰকাৰৰ তৰফৰ পৰা উপযুক্ত চৰকাৰী চাকৰি আৰু ৭৫ লাখ টকাৰ নগদ পুৰস্কাৰ প্ৰদান কৰা হ'ব বুলি মুখ্যমন্ত্রী এন বীৰেন সিঙে ঘোষণা কৰে।
বৰ্তমান নীলকান্ত শৰ্মাই ৰে'লৱে বিভাগত টিকট সংগ্ৰাহক হিচাপে কৰ্মৰত। ইপিনে, মুখ্যমন্ত্রী সিঙে খেলুৱৈগৰাকীক কেনে ধৰণৰ চাকৰি পছন্দ কৰিব বুলি সোধাত হকী খেলুৱৈগৰাকীয়ে কয় যে, "তেওঁক ৰাজ্য চৰকাৰে যি পদতে নিযুক্তি দিয়ে, তেওঁ স্বইচ্ছাই গ্ৰহণ কৰিব।
ইফালে, তেওঁৰ অনুৰাগী আৰু বন্ধুবৰ্গই কৈছিল যে, নীলকান্ত শৰ্মাক উপ আৰক্ষী অধীক্ষকৰ পদত নিযুক্তি প্ৰদান কৰা উচিত। উল্লেখ কৰিব পাৰি যে অলিম্পিকৰ ৰূপৰ পদক বিজয়ী মীৰাবাই চানুৱেও ৰেলৰ টিকট সংগ্ৰাহক হিচাপে কাম কৰি আহিছে। কিন্তু চলিত টকিঅ' অলিম্পিকত ৰূপৰ পদক জয় কৰাৰ পিছতে, মীৰাবাইক ৰাজ্য চৰকাৰে অতিৰিক্ত আৰক্ষী অধীক্ষকৰ (ক্ৰীড়া) পদত নিযুক্তি প্ৰদান কৰে।
ইয়াৰ উপৰিও, খেলুৱৈগৰাকীক ১ কোটি টকা পুৰস্কাৰ হিচাপে প্ৰদান কৰা হৈছিল। লগতে ভাৰতীয় ৰে'লৱেই মীৰাবাই নগদ ২ কোটি টকা পুৰস্কাৰ হিচাপে প্ৰদান কৰিছিল আৰু তাইক পদোন্নতি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু চানুৱে কৈছিল যে, "তেওঁ মণিপুৰত থাকিব য'ত পৰৱৰ্তী অলিম্পিক খেলৰ বাবে উন্মত প্ৰশিক্ষণ অব্যাহত ৰাখিব।"
Comments