Classifieds
View All
গুৱাহাটী,৬ আগষ্ট:প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে ঘোষণা কৰে যে ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা নতুনকৈ মেজৰ ধ্যান চান্দৰ নামেৰে নামাকৰণ কৰা হৈছে।পূৰ্বতে ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ নামেৰে নামাকৰণ কৰা দেশৰ সৰ্বোচ্চ ক্ৰীড়া বঁটাক এতিয়া ভাৰতৰ অন্যতম মহান হকী খেলুৱৈ মেজৰ ধ্যান চান্দৰ নামেৰে নামাকৰণ কৰা হ'ব।
প্ৰধানমন্ত্ৰী মোডীয়ে টুইটযোগে কয়,"মই সমগ্ৰ ভাৰতৰ নাগৰিকসকলৰ পৰা মেজৰ ধ্যান চান্দৰ নামেৰে খেল ৰত্ন বঁটাক নামাকৰণ কৰিবলৈ বহুতো অনুৰোধ পাইছিলো। তেওঁলোকৰ মতামতৰ বাবে মই তেওঁলোকক ধন্যবাদ জনাইছো। তেওঁলোকৰ অনুভূতিক সন্মান জনাই এই খেল ৰত্ন বঁটাক এতিয়াৰে পৰা মেজৰ ধ্যান চান্দ খেল ৰত্ন বঁটা বুলি কোৱা হ'ব! জয় হিন্দ!"
Comments