গুৱাহাটী, ৬ আগষ্টঃ মহানগৰ আৰক্ষীয়ে কিছুদিন পূর্বে গ্ৰেপ্তাৰ কৰা ৪ ড্ৰাগছ সৰবৰাহকাৰীক বিগত ২ দিন ধৰি অব্যাহত ৰখা জেৰাৰ অন্তত লতাশিল আৰক্ষী থানাৰ সহযোগত মহানগৰ আৰক্ষীয়ে বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ অন্যান্য গুৰুত্বপূৰ্ণ সামগ্রী উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ড্ৰাগ সৰবৰাহকাৰী কেইজন ক্ৰমে,
১. মিজানুৰ ৰহমান, সিজুবাৰী
২. আদবুল ফাৰুক, সিজুবাৰী
৩. অমিত দাস, খাৰঘূলি
৪. চৰফৰাজ আহমেদ, গান্ধীবস্তি (চান্দমাৰী)
আনহাতে, আৰক্ষীয়ে উদ্ধাৰ কৰা ড্ৰাগছ সহ আন সামগ্রী সমূহ ক্ৰমেঃ
১. সন্দেহজনক হেৰোইনৰে ভৰ্তি ৪ টা পালি আৰু ৫৫ টা খালী কন্টেইনাৰ
২. সন্দেহজনক হেৰোইনৰে ভৰা ৫ টা চাবোনৰ বাকচ (প্ৰায় ৭০ গ্ৰাম)
৩. নগদ ৪২,২০০ টকা
৪. এখন স্কুটি (এএছ ০১ ডিকে ৮৯১৪)
৫. ৫ টা মোবাইল ফোন
লতাশিল আৰক্ষী থানাত বৰ্তমানলৈ গোচৰ নং ২৭২/২১ৰ অধীনত মুঠ ১৩ জন ড্ৰাগ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে। লগতে ড্ৰাগছ সৰবৰাহকাৰীৰ সংযোগ স্থাপন কৰা আন লোকসকলক বিচাৰি আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।
Comments