গুৱাহাটী,৬ আগষ্ট: অলিম্পিকত পদক অৰ্জন কৰি ভাৰতলৈ গৌৰৱ কঢ়িয়াই অনা প্ৰত্যেকজন খেলুৱৈক ধন আৰু সংস্থাপনেৰে উপচাই পেলাইছে সংশ্লিষ্ট খেলুৱৈ সকলৰ ৰাজ্য চৰকাৰে।
১. ৰূপৰ পদক বিজয়ী মীৰাবাই চানু মণিপুৰত এ.এছ.পি হ'ল,৩কোটি নগদ ধন লাভ কৰিলে:
টকিঅ' অলিম্পিকত ভাৰতৰ হৈ ৰূপৰ পদক বিজয়ী ভাৰোত্তোলক মীৰাবাই চানুক মণিপুৰ চৰকাৰে ১ কোটি টকাৰ নগদ ধন আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক (এ.এছ.পি) পৰ্য্যায়ত নিযুক্তি প্ৰদান কৰিছে। ৰে'লমন্ত্ৰী অশ্বিনী বৈষ্ণৱেও ৰে'লৱেৰ তৰফৰ পৰা ২ কোটি টকাৰ নগদ পুৰস্কাৰ ঘোষণা কৰিছে। মণিপুৰ চৰকাৰে অলিম্পিকত অংশগ্ৰহণ কৰা ৰাজ্যখনৰ প্ৰতিজন খেলুৱৈক ২৫ লাখ টকা প্ৰদান কৰাৰ ঘোষণা কৰিছে।
২. শ্বাটলাৰ পিভি সিন্ধুক অন্ধ্ৰপ্ৰদেশৰ চৰকাৰে ৩০ লাখ টকা দিয়ে
অন্ধ্ৰ প্ৰদেশ চৰকাৰে ব্ৰঞ্জ বিজয়ী পিভি সিন্ধুক নগদ ৩০ লাখ টকা প্ৰদান কৰাৰ ঘোষণা কৰিছে।তদুপৰি, ভাৰতীয় অলিম্পিক সংস্থাইও সিন্ধুক ২৫ লাখ টকা প্ৰদানৰ ঘোষণা কৰিছে। সিন্ধু একেৰাহে দ্বিতীয়বাৰৰ বাবে অলিম্পিকত পদক জয় কৰা প্ৰথম গৰাকী ভাৰতৰ প্ৰথম গৰাকী মহিলা। সিন্ধুৱে ২০১৬ ৰিঅ'ৰ অলিম্পিকত ৰূপৰ পদক জিকিছিল।
৩. ভাৰতীয় বক্সাৰ লাভলিনা বৰগোহাঁইক প্ৰদান কৰা হ'ব চৰকাৰী চাকৰি,গাওঁৰ কেঁচা পথ হৈ পৰিল পকী
ভাৰতীয় বক্সাৰ লাভলিনা বৰগোহাঁইয়ে টকিঅ' অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰিছিল। অসম চৰকাৰে তেওঁলোকৰ ঘৰটোক মূল পথৰ সৈতে সংযোগ কৰি প্ৰায় ২ কিলোমিটাৰ পথ পকী কৰি নিৰ্মাণ কৰি দিছে। তাৰোপৰি শীঘ্ৰে তেওঁক এক উচ্চ পৰ্যায়ৰ চৰকাৰী চাকৰি প্ৰদান কৰা হ'ব বুলি অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়ে।
৪. হকী দলৰ খেলুৱৈসকলে 1 কোটি টকাৰ পৰা 2.5 কোটি টকালৈকে পুৰস্কাৰৰ অংশ লাভ কৰে
অলিম্পিক ইতিহাসত ৪১ বছৰৰ পিছত পদক অৰ্জন কৰা ভাৰতীয় হকী দলৰ খেলুৱৈসকলেও কোটিপতিৰ তালিকাত যোগদান কৰিছে। পঞ্জাৱ চৰকাৰে দলটোৰ ১০ জন খেলুৱৈক এক কোটি টকাৰ নগদ পুৰস্কাৰ ঘোষণা কৰিছে।মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানেও দলটোত অংশ গ্ৰহণ কৰা তেওঁৰ ৰাজ্যৰ ২ জন খেলুৱৈক ১ কোটি টকাকৈ পুৰস্কাৰ ঘোষণা কৰিছে। মণিপুৰ চৰকাৰে নীলকান্ত শৰ্মাক ৭৫ লাখ টকা নগদ ধন পৰিশোধৰ সৈতে এটা চৰকাৰী চাকৰিৰো ঘোষণা কৰিছে। নীলকান্তই বৰ্তমান ৰে'লৱেত টিচি হিচাপে কাম কৰি আছে। হাৰিয়ানা চৰকাৰে ৰাজ্যখনৰ দুজন খেলুৱৈক ২.৫ কোটি টকাকৈ প্ৰদান কৰিছে,ক্ৰীড়া বিভাগত চাকৰি আৰু ৰেহাইৰ হাৰত এটা মাটি ক্ৰয়ৰো পোষকতা কৰিছে। হিমাচল প্ৰদেশ চৰকাৰে ইয়াৰ এজন খেলুৱৈ বৰুণ কুমাৰক নগদ ৭৫ লাখ টকা ঘোষণা কৰিছে।
৫. মল্লযোদ্ধা ৰবি ধৈয়াই লাভ কৰিলে নগদ ৪ কোটি টকা ধন,লাভ কৰিলে চৰকাৰী চাকৰি
হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰে টকিঅ' অলিম্পিকত ৰূপৰ পদক জয় কৰা মল্লযোদ্ধা ৰবি ধৈয়াক ৪ কোটি টকা নগদ ধনৰ সৈতে প্ৰথম শ্ৰেণীৰ চৰকাৰী চাকৰি আৰু ৰেহাই হাৰত এটা প্লট দিয়াৰ কথা ঘোষণা কৰিছে।
৬. হাৰিয়ানাৰ ৯ মহিলা হকী খেলুৱৈ পাব ৫০ লাখ টকাকৈ
অলিম্পিকত দেশক প্ৰতিনিধিত্ব কৰা মহিলা হকী দলৰ হাৰিয়ানাৰ নজন সদস্যৰ প্ৰত্যেককে ৫০ লাখ টকাৰ পুৰস্কাৰ প্ৰদান কৰা হ'ব বুলি ঘোষণা কৰিছে হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰে।ভাৰতীয় মহিলা হকী দলে প্ৰথম অলিম্পিক পদক জয় কৰাৰ নিচেই ওচৰলৈ আহিও শুকুৰবাৰে গ্ৰেট ব্ৰিটেইনৰ হাতত ব্ৰঞ্জৰ পদকৰ বাবে হোৱা মেচখনৰ অন্তত ৩-৪ ব্যৱধানত পৰাজিত হয়।
Comments