গুৱাহাটী,৬ আগষ্ট:চলিত টকিঅ' অলিম্পিকত ভাৰতক প্ৰথমটো পদক উপহাৰ দিয়া মীৰাবাই চানুৰ মহানুভৱতাৰ উৎকৃষ্ট নিদৰ্শন দেখা পোৱা গ'ল মণিপুৰত। মণিপুৰৰ ৰাজধানী ইম্ফলৰ ক্ৰীড়া একাডেমীৰ পৰা তেওঁৰ গাওঁ নংপোক কাকচিঙৰ দূৰত্ব ২৫ কিলোমিটাৰৰো অধিক আছিল। প্ৰতিদিনে এই দূৰত্ব অতিক্ৰম কৰিবলৈ ধনৰ অভাৱত তাৰকা ভাৰোত্তোলক গৰাকীয়ে বালি ভৰ্তি ট্ৰাকৰে যাত্ৰা কৰিছিল। গাঁৱৰ ওচৰৰ ট্ৰাকচালকসকলে তেওঁক কেইবা বছৰ ধৰি প্ৰশিক্ষণ কেন্দ্ৰলৈ যোৱাৰ পৰত লিফ্ট দিছিল।
বৃহস্পতিবাৰে, তেওঁলোকক কৃতজ্ঞতা জনাবলৈ প্ৰায় ১৫০ জন ট্ৰাক চালক আৰু হেণ্ডিমেনক চাৰ্ট, মণিপুৰী স্কার্ফ প্ৰদান কৰাৰ লগতে দুপৰীয়াৰ আহাৰ গ্ৰহণৰ বাবে আমন্ত্ৰন জনাইছিল।মীৰাবাই চালকসকলক লগ পোৱাৰ লগে লগে উচুপি উঠিছিল।তেওঁ কৈছিল যে তেওঁৰ ভাৰোত্তোলক হোৱাৰ সপোন পূৰণ নহ'লহেঁতেন যদিহে ট্ৰাকচালকসকলে তেওঁক প্ৰশিক্ষণ কেন্দ্ৰলৈ যাত্ৰা কৰাত সহায় নকৰিলেহেঁতেন।
Comments