গুৱাহাটী, ৭ আগষ্টঃ আমেৰিকাৰ বিখ্যাত খেলুৱৈ এলিচন ফেলিক্সে শুকুৰবাৰে ৪০০ মিটাৰ দৌৰত ব্ৰঞ্জৰ পদক অৰ্জন কৰি অলিম্পিক খেলত তেওঁৰ খেলৰ জীৱনত দশমটো পদক অৰ্জন কৰিবলৈ সক্ষম হয়। যাৰ ফলত ৪০০ মিটাৰ দৌৰ প্ৰতিযোগিতাত ফেলিক্সে মহিলা দৌৰবিদ হিচাপে সুখ্যাতি অৰ্জন কৰিছে।
এলিচনে অলিম্পিকত ছয়টা সোণৰ পদক, তিনিটা ৰূপৰ পদক আৰু এটা ব্ৰঞ্জৰ পদক অৰ্জন কৰি বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হয়। এলিচনে প্ৰথমবাৰৰ বাবে ২০০৪ চনত এথেন্সত অনুষ্ঠিত হোৱা অলিম্পিকত অংশগ্ৰহণ কৰিছিল আৰু ২০০ মিটাৰ দৌৰত ৰূপৰ পদক অৰ্জন কৰিছিল।
তাৰ পিছত ২০০৮ চনত বেইজিঙৰ অলিম্পিক খেলতত ৪×৪০০ মিটাৰ দৌৰত সোণৰ পদক আৰু ২০০ মিটাৰ একক দৌৰত ৰূপৰ পদক অৰ্জন কৰিছিল। এলিচনে ২০১২ চনৰ লণ্ডন অলিম্পিকত সৰ্বশ্ৰেষ্ঠ খেলৰ প্ৰদৰ্শন দেখুৱাইছিল, য'ত খেলুৱৈ গৰাকীয়ে তিনিটাকৈ সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছিল। ইয়াৰে এটা ২০০ মিটাৰ দৌৰত, এটা ৪×১০০ মিটাৰত আৰু এটা ৪×৪০০ মিটাৰ দৌৰত লাভ কৰিছিল।
তাৰ পৰৱৰ্তী সময়ত ২০১৬ চনৰ ৰিঅ' অলিম্পিকত, এলিচনে দুটা সোণৰ পদক জিকিছিল। এটা ৪×১০০ আৰু এটা ৪×৪০০ মিটাৰ দৌৰত, লগতে ৪০০ মিটাৰ একক দৌৰত এটা ৰূপৰ পদক অৰ্জন কৰে।
Comments