গুৱাহাটী,৫ আগষ্ট:ৰাজ্যৰ অন্য জিলা সমূহৰ দৰে বৰপেটা জিলাতো পলিথিন বা প্লাষ্টিক বেগ নিষিদ্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে জিলা প্ৰশাসনে। এনে কঠোৰ স্থিতি লোৱা পূৰ্বে বৰপেটাৰ জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালে জিলাখনৰ ব্যৱসায়িক সংগঠন সমূহৰ সৈতে এক আলোচনাত মিলিত হৈ পৰিবেশ সুৰক্ষা স্বাৰ্থত প্ৰশাসনৰ এই সিদ্ধান্তক সহযোগিতা জনাবলৈ আহ্বান জনায় । ব্যৱসায়ী সকলে প্ৰশাসনৰ এই সিদ্ধান্তত সহমত প্ৰকাশ কৰে যদিও ইয়াৰ বাবে কিছু সময় বিচাৰে। সেয়ে সভাৰ সিদ্ধান্ত অনুসৰি অহা ১০ আগষ্টলৈকে নিজৰ নিজৰ জমাত থকা পলিথিন সমূহ ব্যৱহাৰ কৰাৰ বাবে অন্তিম সময় হিচাপে ধাৰ্য কৰি দিয়া হয়।
ইয়াৰ পিছতে সমগ্ৰ জিলা খনত পলিথিন সম্পূৰ্ণ ৰূপে নিষিদ্ধ ঘোষণা কৰা হ'ব বুলি জিলা দণ্ডাধীশ গৰাকীয়ে স্পষ্ট কৰি দিয়ে। জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই এই কথা প্ৰকাশ কৰি জনাইছে যে, ইয়াৰ পিছতো কোনো ব্যৱসায়ী বা ব্যক্তি বিশেষে পলিথিন ব্যৱহাৰ কৰিলে তেওঁক আইন মতে শাস্তি বিহা হ'ব।
Comments