তিনিচুকীয়া: ৫ আগষ্ট: তিনিচুকীয়া জিলাৰ আইন শৃংখলা জনিত পৰিস্থিতি বুজ লোৱাৰ উদ্দেশ্যে আজি তিনিচুকীয়াত উপস্থিত হয়হি অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত। তিনিচুকীয়া জিলাত উপস্থিত হৈ তিনিচুকীয়া পুলিচ গেষ্ট হাউচত জিৰণি লয়।
ডি জি পি মহন্তই তিনিচুকীয়া পদ্মিনী ৰিজৰ্টত মৰাণ জনজাতীয় সংগঠন কেইটাৰ লগতে মৰাণ জনজাতীয় সত্ৰৰ অধিকাৰ সকলৰ সৈতে পৃথকে পৃথকে আলোচনাত বহে। অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই মৰাণ জনজাতীয় সংগঠন কেইটাৰ সৈতে মিলিত হৈ বিভিন্ন অভাৱ অভিযোগ, সমস্যা আদি বিষয়ত আলোচনা কৰে।
আলোচনা কালত তিনিচুকীয়া জিলাত নতুনকৈ থানা স্থাপন, আন্ত ৰাজ্যিক সীমা সমস্যা, অৰুণাচলত বাস কৰা মৰাণ সকলক পি আৰ চি দিয়া আদি বিষয়ত সবিশেষ আলোচনা কৰে। আনহাতে, অসম আৰক্ষীত নতুনকৈ খুলিব লগা বেটেলিয়নত উজনিৰ যুৱকে, বিশেষকৈ মৰাণ জনজাতিৰ দৰে জনগোষ্ঠীৰ যুৱকে অগ্ৰাধিকাৰ পাব বুলি ডি জি পি মহন্তই উল্লেখ কৰে।
মৰাণ জনজাতিৰ বিভিন্ন সমস্যা ডি জি পি গৰাকীক অৱগত কৰে আৰু ডি জি পি মহন্তই চৰকাৰৰ সৈতে এইবোৰ আলোচনা কৰিব বুলি আশ্বাস প্ৰদান কৰে।মৰাণ জনগোষ্ঠীক অসম চৰকাৰে গুৰুত্ব প্ৰদান কৰা বুলিও ডি জি পি য়ে উল্লেখ কৰে। মৰাণ জনজাতীয় সংগঠন কেইটাৰ সৈতে আজি অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ ইতিবাচক আলোচনা হোৱা বুলি মৰাণ জনগোষ্ঠীয় সংগঠনে সদৰী কৰিছে।
আজিৰ আলোচনাত ডি জি পি গৰাকীৰ উপৰিও ডি আই জি জিৎমল দলে, তিনিচুকীয়া আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰী আদি বিষয়া বৰ্গৰ লগতে মৰাণ জনগোষ্ঠীয় কেউটা সংগঠন ক্ৰমে সদৌ মৰাণ ছাত্ৰ সন্থা, অসম মৰাণ সভা, মৰাণ জাতীয় মহিলা পৰিষদ, মৰাণ সাহিত্য সভা, সদৌ মৰাণ কলা সংস্কৃতি বিকাশ কেন্দ্ৰ, মৰাণ কৰ্মচাৰি শৈক্ষিক বিকাশ মঞ্চৰ নেতৃবৃন্দ উপস্থিত আছিল বুলি মৰাণ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক মুনিন দুৱৰাই জানিবলৈ দিছে।
ইপিনে, আজি পৃথকে ডি জি পি গৰাকী মৰাণ জনজাতীয় সত্ৰৰ অধিকাৰ সকলৰ সৈতে আলোচনা কৰে। সত্ৰ সমূহৰ উন্নয়ন আৰু আন্তঃগাঁঠনি উন্নীত কৰন সন্দৰ্ভত ডি জি পি মহন্তই আলোচনা কৰে। অইল ইণ্ডিয়া লিমিটেডৰ জৰিয়তে এক বৃহৎ পুঁজি মোকলাই সত্ৰ সমূহৰ আন্তঃগাঁঠনি উন্নীত কৰা হব বুলি উল্লেখ কৰে।
আনহাতে, তিনিচুকীয়া জিলাত ড্ৰাগছ কানি নিৰ্মূল কৰাৰ ক্ষেত্ৰত সত্ৰৰ অধিকাৰ সকলৰ কি ভূমিকা আছে তাক লৈয়ো বিস্তৃত আলোচনা কৰে। ড্ৰাগছ কানী আদি বৰবিহ নিৰ্মূল কৰাৰ ক্ষেত্ৰত তিনিচুকীয়া জিলাৰ সত্ৰৰ অধিকাৰ সকলে সহযোগিতা কৰাৰ কথা আলোচনাত উল্লেখ কৰে। তিনিচুকীয়া জিলাৰ ১৬ খন সত্ৰৰ অধিকাৰে অংশ গ্ৰহণ কৰা সভাত ডি জি পি ৰ উপৰিও অইলৰ আৰ চি প্ৰশান্ত বৰকাকতি , ডি আই জি জিৎমল দলে, আৰক্ষী অধীক্ষক দেৱজিত দেউৰী, জিলা উপায়ুক্ত নাৰছিং পাৱাৰ আদি তিনিচুকীয়া জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়া সকল উপস্থিত আছিল।
Comments