গুৱাহাটী,৮ আগষ্ট:'ফ্লাইং শিখ' মিলখা সিঙে এইখন পৃথিৱীক এৰি যোৱাৰ প্ৰায় আঢ়ৈ মাহ পিছত, তেওঁৰ সপোন পূৰণ কৰিলে ভাৰতবৰ্ষৰ যুৱ অলিম্পিয়ান নীৰজ চোপ্ৰাই। মিলখা সিঙে বিচাৰিছিল যে এদিন কোনোবা ভাৰতীয় খেলুৱৈয়ে যাতে অলিম্পিকৰ ট্ৰেক এণ্ড ফিল্ড অৰ্থাৎ এথলেটিকছত স্বৰ্ণ পদক অৰ্জন কৰে। হাৰিয়ানাৰ নীৰজ চোপ্ৰাই জেভলিন থ্ৰোত স্বৰ্ণ পদক অৰ্জন কৰি এই স্বপ্নক সঁচা কৰি তুলিছিল। মিলখা সিঙৰ যোৱা ১৮ জুনত ক'ভিডৰ বাবে মৃত্যু হৈছিল।
হাৰিয়ানাৰ পানীপথত বাস কৰা নীৰজে পদক জয় কৰাৰ পিছত কয়, "মই মোৰ সোণৰ পদক মহান মিলখা সিঙক উৎসৰ্গা কৰিছো। তেওঁ হয়তো মোক স্বৰ্গৰ পৰা চাই আছে। মই স্বৰ্ণ পদকৰ সৈতে মিলখা সিঙক লগ কৰিব বিচাৰিছিলো। মই সোণৰ পদক জিকিম বুলি ভবা নাছিলো, কিন্তু কিবা এটা যে বেলেগ কৰিম সেয়া খাটাং আছিলোঁ।মই অলিম্পিকৰ অভিলেখ ভংগ কৰিব বিচাৰিছিলো, সম্ভৱতঃ সেইকাৰণে মই আজি ভাল প্ৰদৰ্শন কৰিছিলো।'
Comments