গুৱাহাটী, ৯ আগষ্টঃ চীনা বিজ্ঞানীসকলে কাঁচৰে এক হীৰাৰ সামগ্ৰী নিৰ্মাণ কৰিছে, যি অত্যন্ত কঠিন। চীনা বিজ্ঞানীসকলে উক্ত হীৰাৰ দৰে সামগ্ৰীবিধৰ নাম এ এম-৩ ৰখা হৈছে। যাক উচ্চ-প্ৰযুক্তি উদ্যোগত ব্যাপকভাৱে ব্যৱহাৰ কৰিব পাৰি বুলি বিজ্ঞানীসকলে জামিবলৈ দিয়ে।
এ এম-৩ হৈছে এক অৰ্ধপৰিবাহী, য'ত বৈদ্যুতিক প্ৰবাহ থাকিব পাৰে বুলি জনা গৈছে। একে সময়তে, বুলেটপ্ৰুফ খিৰিকী সৃষ্টি কৰিবলৈ কাৰ্বনেৰে নিৰ্মিত এ এম-৩ৰ ব্যৱহাৰ কৰিব পাৰি।
ফট'-ইলেক্ট্ৰিক ডিভাইচ হিচাপে ব্যৱহাৰ কৰা আৰু উচ্চ তাপমাত্ৰা সহ্য কৰিব পৰা ক্ষমতাৰ বাবে অস্ত্ৰ নিৰ্মাণ কাৰ্য্যত এ এম-৩ ব্যৱহাৰ কৰিব পাৰি বিজ্ঞানীসকলে প্ৰতিবেদন যোগে জানিবলৈ দিয়ে।
প্ৰতিবেদনত এইটো উল্লেখ কৰা হৈছে যে এ এম-৩ বুলেটপ্ৰুফ সামগ্ৰী প্ৰস্তুত কৰা পদাৰ্থতকৈও উন্নত মানদণ্ডৰ, যি ২০ ৰ পৰা ১০০ গুণ অধিক শক্তিশালী। বিজ্ঞানীসকলে কয় যে এই স্বচ্ছ এ এম-৩ সামগ্ৰীবিধ বহুতো আকাৰত তৈয়াৰ কৰিব পাৰি, যি ইয়াৰ গুণাগুণ বৃদ্ধি কৰে।
Comments