Classifieds
View All
গুৱাহাটী,৯ আগষ্ট:পশ্চিম বংগৰ কোচবিহাৰ জিলাৰ মাজেৰে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰি থকা অৱস্থাত আটক হোৱা ১০ জন বাংলাদেশী নাগৰিকৰ ভিতৰত পাঁচজনক বিএছএফে বাংলাদেশক হস্তান্তৰ কৰিছে।
শনিবাৰে জিলাখনৰ চাবৰি সীমান্ত চকীৰ ওচৰৰ গুৱাহাটী সীমান্তৰ অন্তৰ্গত বিএছএফৰ ১৯২ তম বেটেলিয়নে পাঁচটা শিশু, চাৰিগৰাকী মহিলা আৰু এজন পুৰুষকে ধৰি ১০ জন বাংলাদেশী নাগৰিকক আটক কৰে।বাকী পাঁচজন বাংলাদেশী নাগৰিকক পৰৱৰ্তী আইনী ব্যৱস্থা গ্ৰহণৰ বাবে কোচবিহাৰৰ স্থানীয় আৰক্ষীক গতাই দিয়া হয়।
Comments