Cartoon
View Older
গুৱাহাটী,৯ আগষ্ট:দূৰদৰ্শনৰ আটাইতকৈ জনপ্ৰিয় ৰিয়েলিটি শ্ব' ইণ্ডিয়ান আইডলে অন্তিম পৰ্যায়ত উপনীত হৈছে। জনপ্ৰিয় সংগীত অনুষ্ঠানটোৰ ফাইনেল অহা ১৫ আগষ্টত অনুষ্ঠিত হ'ব। দেওবাৰে অনুষ্ঠানটোৰ ছেমি ফাইনেল অনুষ্ঠিত হয় আৰু ছয়জন প্ৰতিযোগীয়েই ফাইনেললৈ প্ৰৱেশ কৰিছে।ফাইনেলৰ দৌৰত থকা প্ৰতিযোগী সকল হৈছে অৰুণিতা কাঞ্জিলাল,স্বায়েলি কাম্বলে, পৱনদীপ ৰাজন, নিহাল তাৰো, মহম্মদ ডানিশ আৰু সন্মুখাপ্ৰিয়া।
অনুষ্ঠানটোত উপস্থিত থকা প্ৰযোজক কৰণ জোহৰে অৰুণিতাৰ কণ্ঠত মুগ্ধ হৈ ধর্মাৰ হৈ গান গোৱাৰ বাবে তেওঁক আহ্বান জনায়। তেওঁ কয়,"মই আপোনাক অন্তৰৰ পৰা আমাৰ পৰিয়াললৈ স্বাগতম জনাব বিচাৰো। আপোনাৰ কণ্ঠই সকলোকে মুগ্ধ কৰিব ।"তাৰ পিছত পৱনদীপকো একেই আহ্বান জনায় কৰণ জোহৰে । কৰণ জোহৰৰ মালিকানাধীন ধর্মা প্ৰডাকচনলৈ আমন্ত্ৰণ জনায় তেওঁক এখন পত্ৰ প্ৰদান কৰে ।
Comments