তিনিচুকীয়াক্তঃ ষ্টাফ ৰিপ’র্টাৰ, ৯ আগষ্ট ঃ ৰাজ্যৰ শ্রম আৰু চাহ জনগোষ্ঠী উন্নয়ন মন্ত্রী সঞ্জয় কিষাণৰ দ্বিতীয়টো কার্যকালৰ প্রথমৰ পৰাই কেণা লাগিছে৷ দ্বিতীয়বাৰৰ বাবে তিনিচুকীয়া সমষ্টিৰ পৰা পুনৰবাৰ জয়ী হোৱাৰ পাছতে ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্রী হিচাপে শপত গ্রহণ কৰে৷ কিন্তু মন্ত্রী হৈ শপত গ্রহণ কৰাৰ পাছৰে পৰা তেওঁৰ বিৰুদ্ধে পূর্বৰ কার্যকালত অঙহী-বঙহীক চাকৰি প্রদান কৰা বুলি অভিযোগ উত্থাপিত হয়৷ এই অভিযোগ আনে ৰাজীৱ মাঝি নামৰ যুৱক এজনে৷
যিজন যুৱকে মন্ত্রীজনৰ লগতে ভালেমান দিন থাকি তেওঁৰ কাম চোৱাচিতা কৰিছিল৷ ৰাজীৱ মাঝিয়ে মন্ত্রী সঞ্জয় কিষাণে কিদৰে নিজৰ ক্ষমতাৰ অপব্যৱহাৰ কৰি কেইবাও বিভাগত নিজৰ অঙহী-বঙহী আৰু তেওঁৰ সোঁহাত -বাওঁহাতৰ লগত লাগি থকা ঘনিষ্ঠ তথা ঘনিষ্ঠৰ আত্মীয়ক চাকৰি দিলে তাৰ তথ্য ছ’চিয়েল মিডিয়াৰ যোগে ৰাজহুৱা কৰিছিল৷ যিটোৱে প্রচুৰ হৈ-চৈৰ সৃষ্টি কৰিছিল৷ মন্ত্রীজনে এই অভিযোগ নস্যাৎ কৰিছিল যদিও ৰাজীৱ মাঝি নামৰ যুৱকজনে ইটোৰ পাছত সিটো অভিযোগ আনি মন্ত্রী কিষাণক থকা-সৰকা কৰি আহিছে৷
কিন্তু ৰাজীৱ মাঝিৰ লগতে আন এজনেও শেহতীয়াকৈ মন্ত্রীজনৰ বিৰুদ্ধে বহু অভিযোগ উত্থাপন কৰিছে৷ আনকি তেওঁ নিজৰ ফে’চবুক একাউণ্টত, হোৱাটচএপ৲ৰ জৰিয়তে মন্ত্রীজনৰ বিৰুদ্ধে বহু আপত্তিজনক মন্তব্য কৰি থকা পৰিলক্ষিত হৈছে৷ এই কথাবোৰে তিনিচুকীয়াৰ ৰাজনীতিৰ পথাৰখন গৰম কৰি ৰখাৰ লগতে তিনিচুকীয়াৰ সর্বসাধাৰণ ৰাইজৰ মুখে মুখে চর্চা চলিছে৷ মন্ত্রী কিষাণৰ বিৰুদ্ধে এনেধৰণৰ অভিযোগ অনা ব্যক্তিজন আন কোনো নহয়, মন্ত্রী কিষাণৰ প্রথমটো কার্যকালৰ পি এ বনি চাহানী৷ যোৱাটো নির্বাচনৰ পূর্বে হঠাৎ নোহোৱা হৈ পৰা বনি চাহানীক লৈ তিনিচুকীয়াত সেই সময়ৰ পৰা সৰৱ আলোচনা চলিছিল৷
বনি চাহানী পলাই যোৱাক লৈ বহুতো মুখৰোচক কাহিনীও শুনিবলৈ পোৱা গৈছিল৷ কিন্তু যিয়ে নহওক বনি চাহানী এতিয়া মন্ত্রীজনৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে৷ অলপতে ৰাজীৱ মাঝি নামৰ যুৱকজনে মন্ত্রী সঞ্জয় কিষাণে বনি চাহানীৰ লগতে মন্ত্রীজনৰ ঘনিষ্ঠৰ একাউণ্টৰ যোগেদি বিভিন্ন পক্ষৰ পৰা কমিছন সংগ্রহ কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল৷
তিনিচুকীয়াত নির্মীয়মাণ অৱস্থাত থকা তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ৰ ঠিকাদাৰ প্রতিষ্ঠান নার্গাজুন কনষ্ট্রাকশ্যন কোম্পানীয়ে ১০ লাখ টকা বনি চাহানীৰ একাউণ্টত ট্রেন্সফাৰ কৰিছিল বুলি অভিযোগ আনি বেংকৰ পাছবুকৰ ফটো কপি প্রকাশ কৰিছিল৷ ইয়াৰ পাছতে সৰৱ হৈ পৰা বনি চাহানীয়ে অকপটে স্বীকাৰ কৰিছিল যে কেৱল এই টকাই নহয় আন বহু টকা তেওঁৰ লগতে আন ঘনিষ্ঠৰ একাউণ্টৰ যোগে মন্ত্রীজনে কমিছন হিচাপে সংগ্রহ কৰে৷ বনি চাহানীয়ে এক ফে’চবুক লাইভৰ যোগে এই কথা প্রকাশ কৰিছে৷
তেওঁ উল্লেখ কৰিছে যে এই কথা তদন্ত হ’লে পোহৰলৈ আহিব৷ লগতে ভৱিষ্যতে তেওঁ মন্ত্রীজনৰ মুখা আৰু খুলিব বুলি সকীয়নিও দিছে৷ বনি চাহানীয়ে কেৱল কমিছনৰ কথাকে উল্লেখ কৰাৰ লগতে মন্ত্রীজনৰ নৈতিকতাক লৈও মুকলি প্রশ্ন তুলিছে৷ যিটো এজন মন্ত্রীৰ বাবে অতি আপত্তিজনক হিচাপে বিবেচিত হৈছে৷
এতিয়া ডাঙৰ প্রশ্নটো হ’ল ৰাজ্য চৰকাৰৰ কেবিনেট পর্যায়ৰ এজন মন্ত্রীৰ বিৰুদ্ধে ৰাজহুৱাভাৱে ইমান আপত্তিজনক মন্তব্য তথা বিভিন্ন পক্ষৰ পৰা সংগ্রহ কৰা কমিছন আদিৰ কথা প্রচাৰ চলাই থকাৰ পাছতো মন্ত্রীজনে এই দুজন ব্যক্তিৰ বিৰুদ্ধে কিয় ব্যৱস্থা গ্রহণ কৰা নাই সেয়া অতি ৰহস্যৰ বিষয় হৈ পৰিছে৷ এই সন্দর্ভত মন্ত্রীজনৰ পৰা প্রতিক্রিয়া বিচাৰি টেলিফ’ন কৰা হৈছিল যদিও মন্ত্রী কিষাণে ফ’ন ৰিচিভ কৰা নাই৷ মুখ্যমন্ত্রীয়ে দুর্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতিৰ কথা উল্লেখ কৰিছে যদিও তেওঁৰে মন্ত্রীসভাৰ এজন মন্ত্রীৰ বিৰুদ্ধে মুকলিকৈ এনে অভিযোগ অহাৰ পাছত কি ব্যৱস্থা গ্রহণ কৰে সেয়া সময়েহে ক’ব৷
Comments