গুৱাহাটী, ১০ আগষ্টঃ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) প্ৰায় দুবছৰৰ অন্তত ভাৰতত পুনৰ অনুষ্ঠিত হৈছিল। কিন্তু ক'ৰনা ভাইৰাছৰ দ্বিতীয় ঢৌৰ ফলত সমগ্ৰ দেশতে পুনৰ বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি হোৱাত আইপিএল খেলখন মাজতে বন্ধ কৰিব লগা হৈছিল। বৰ্তমান এই খেলখন পুনৰ অহা মাহত আৰৱত(UAE) অনুষ্ঠিত হোৱাৰ পূর্বে বিচিচিআইয়ে খেলৰ নিয়মত ব্যাপক পৰিৱৰ্তন কৰিছে।
এই বছৰ ভাৰতত অনুষ্ঠিত হোৱা আই পি এলৰ সময়ত বহুতো খেলুৱৈ আৰু কৰ্মচাৰী ক'ৰনা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছিল। বৰ্তমান বিচিচিআইয়ে খেল পুনৰ অনুষ্ঠিত কৰাৰ পূর্বে কঠোৰ নিয়ম বলবত কৰিছে।
নতুনকৈ সংযোজন কৰা নিয়ম অনুসৰি; এতিয়াৰে পৰা আগৰ দৰে, বলাৰসকলে এতিয়াও বলটো চাফা কৰিবলৈ মুখৰ পানীৰ ব্যৱহাৰ কৰিব নোৱাৰিব। যদি তেওঁলোকে এনে কৰে, তেনেহ'লে আম্পায়াৰে তেওঁলোকক সতৰ্কবাণী দিব। যদি তেওঁলোকে বাৰে বাৰে এনে কৰে, বিপক্ষই পেনাল্টি হিচাপে ৫ ৰাণ পাব।
আই পি এল ২০২১, ৪ মে'ত ক'ৰনাৰ বাবে পিছুৱাই দিব লগা হৈছিল। বৰ্তমান, আই পি এল ২০২১ চনৰ বাকী খেলসমূহ ১৭ ছেপ্টেম্বৰত আৰম্ভ হ'ব আৰু ফাইনেলখন ১৫ অক্টোবৰত খেলিব পাৰিব।
Comments