গুৱাহাটী, ১০ আগষ্টঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ওকলাহোমাৰ পৰা এক আচৰিত ঘটনা পোহৰলৈ আহিছে, য'ত এজন ব্যক্তিয়ে প্ৰথমে তেওঁৰ পত্নী আৰু এগৰাকী ২৩ মহীয়া জীয়েকক হত্যা কৰাৰ পিছত নিজকে গুলীয়াই আত্মহত্যা কৰিছিল। ঘটনাটোৰ সময়ত আন তিনিটা শিশু ঘৰটোত উপস্থিত আছিল, কিন্তু তেওঁলোকৰ কোনো ধৰণৰ ক্ষতি হোৱা নাছিল।
দৰাচলতে, ৪২ বছৰীয়া জন ডোনাটো নামৰ ব্যক্তি গৰাকীয়ে প্ৰথমে তেওঁৰ ৩১ বছৰীয়া পত্নী টিফানি হিল আৰু ২৩ মহীয়া জীয়েক লিয়েনক গুলীয়াই হত্যা কৰে আৰু তাৰ পিছত নিজকে গুলীয়াই আত্মহত্যা কৰে।
আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি ঘটনাটো ৩০ জুলাই তাৰিখে সন্ধিয়া ৫ বজাত সংঘটিত হৈছিল। ওকলাহোমাৰ আৰক্ষী বিষয়াসকলে লগতে কয় যে ২৩ মহীয়া লিয়েন গুলীবিদ্ধ হোৱাৰ পিছত জীয়াই আছিল, আৰু পৰৱৰ্তী সময়ত ছোৱালীজনীক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও লিয়েনৰ চিকিৎসালয়তে মৃত্যু হয়।
মূল ঘটনা অনুসৰি ওকলাহোমাৰ নিবাসী টিফানি হিলে ৯ মাহ আগতে ১.৪ নিযুত পাউণ্ড (প্ৰায় ১৪.৪ কোটি টকা)ৰ লটাৰী জিকিবলৈ সক্ষম হৈছিল। তাৰ পিছতে স্থানীয় লোকসকলে জনোৱা অনুসৰি দম্পতীহালৰ মাজত লটাৰীৰ বিষয়টোক লৈ প্ৰায়ে বিতৰ্কৰ সৃষ্টি হৈ আহিছিল। কিন্তু কোনেও এই বিতৰ্কৰ পৰিণাম ইমান ভয়াবহ হ'ব বুলি কেতিয়াও ভবা নাছিল।
বৰ্তমান টিফানি হিলৰ পৰিয়ালে জীৱিত আন ৩ টা শিশুৰ বাবে এটা "গ' ফাণ্ড মি"(GoFundMe) অভিযান আৰম্ভ কৰিছে।
Comments