Cartoon
View Older
গুৱাহাটী,১০ আগষ্ট: অৰুণাচল প্ৰদেশৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৱে সোমবাৰে ৰাজ্যখনৰ ১২ টা জনজাতীয় সম্প্ৰদায়ক স্বীকৃতি প্ৰদান কৰাৰ বাবে ভাৰত চৰকাৰক প্ৰশংসা কৰে।
চলিত সংসদৰ বৰ্ষাকালীন অধিৱেশনত লোকসভাই ধ্বনি ভোটৰ জৰিয়তে এই সংক্ৰান্তত এখন বিধেয়ক গৃহীত কৰে।এছটিৰ মৰ্যাদা প্ৰদান কৰিব লগা জনজাতিবোৰ হৈছে মনপা, চাজোলাং (মিজি), চাৰতাং, মেম্বা, নকটে, টাংচা, টুটচা, ৱাঞ্চো, টাই-খামতি, মিচিমি-কামান (মিজু), ইডু (মিচিমি) আৰু তৰাওন (দিগাৰু)।
ৰিজিজুৱে কৈছিল"ব্ৰিটিছসকলৰ সময়ৰ পৰাই অৰুণাচল প্ৰদেশৰ কিছুমান জনজাতিক সদায় লুকুৱাই ৰখা হৈছে। নৰেন্দ্ৰ মোডী চৰকাৰে এই জনজাতিসকলক এটা নতুন পৰিচয় দিছে। অৰুণাচল প্ৰদেশৰ লাখ লাখ আদিবাসী লোকক প্ৰতিনিধিত্ব কৰি মই এই সংসদৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জনাইছো"।
Comments