ডিব্রুগড় ঃ ষ্টাফ ৰিপ’র্ৰ, ১০ আগষ্ট ঃ এ আই ইউ ডি এফ দলৰ পৰা কৃষক নেতা তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে বিধানসভাৰ নির্বাচনৰ পূর্বে ১০ কোটি টকা দাবী কৰা বুলি দলটোৰ বিধায়ক আমিনুল ইছলামে তোলা অভিযোগ আজি ডিব্রুগড়ত অখিল গগৈয়ে খণ্ডন কৰিছে৷ ডিব্রুগড় জিলাৰ চাবুৱা থানাৰ এক গোচৰৰ সন্দর্ভত ডিব্রুগড় জিলা সত্র আৰু ন্যায়াধীশৰ আদালতত উপস্থিত হোৱাৰ সময়ত বিধায়ক অখিল গগৈয়ে তীব্র প্রতিক্রিয়া প্রকাশ কৰি কয় যে আমিনুল ইছলাম এজন ঠগ আৰু ফটুৱা ব্যক্তি৷
চূড়ান্ত সাম্প্রদায়িক মানসিকতাৰ আমিনুল ইছলাম ইতিমধ্যে নিজ কর্মৰ বাবে জে’ললৈও গৈছিল বুলি বিধায়ক গগৈয়ে কয়৷ এনে এজন ব্যক্তিয়ে তোলা অভিযোগৰ সম্পর্কত তেওঁক প্রশ্ন সোধাটোৱেই সমীচীন হোৱা নাই বুলি বিধায়ক গগৈয়ে সংবাদ মাধ্যমৰ আগত প্রতিক্রিয়া প্রকাশ কৰে৷ আনহাতে, বর্তমানৰ ৰাজনীতিত আটাইতকৈ সৎ মানুহজনেই তেওঁ বুলি নিজৰ প্রতিক্রিয়া প্রকাশ কৰে৷
আনহাতে, ‘কা’ আন্দোলনৰ সময়ত চাবুৱাত সংঘটিত অপ্রীতিকৰ ঘটনাৰ বাবে চাবুৱা থানাত ৰুজু হৈ থকা এটা গোচৰৰ বাবে উচচ ন্যায়ালয়ে তেওঁক স্থায়ী জামিনৰ বাবে ডিব্রুগড় আদালতলৈ প্রেৰণ কৰিছিল বুলি বিধায়ক গগৈয়ে কয়৷ কিন্তু আজি তেওঁ ডিব্রুগড় জিলা সত্র আৰু ন্যায়াধীশৰ আদালতত হাজিৰ হৈ জানিব পাৰে যে চার্জশ্বিটত তেওঁৰ নামেই নাই বুলি অখিল গগৈয়ে জনায়৷ এয়া তেওঁৰ বিৰুদ্ধে ৰাজ্য চৰকাৰৰ এক গভীৰ ষড়যন্ত্র বুলি উল্লেখ কৰি কয় যে ডিব্রুগড়লৈ অহাৰ বাবে তেওঁৰ বিধানসভাৰ তিনিটা মূল্যৱান দিন নষ্ট হ’ল৷
উল্লেখযোগ্য যে, চাবুৱা থানাত পঞ্জীভুক্ত হৈ থকা এটা গোচৰৰ (২৯২২০১৯) সন্দর্ভত আজি ডিব্রুগড়ৰ আদালতত শুনানি আছিল৷ ৰাষ্ট্রীয় তদন্তকাৰী সংস্থা চমুকৈ ‘নিয়া’ই তেওঁৰ বিৰুদ্ধে উত্থাপন কৰা দুটা গোচৰৰ এটাৰ পৰা ইতিমধ্যে অখিল গগৈয়ে মুক্তি লাভ কৰিবলৈ সক্ষম হৈছে৷ ইফালে, অখিল গগৈৰ বিৰুদ্ধে থকা চাবুৱা থানাৰ আন এটা গোচৰৰ ক্ষেত্রত ‘নিয়া’ই প্রমাণ কৰিব নোৱৰাত ‘নিয়া’ৰ বিশেষ আদালতে তেওঁক দোষমুক্ত ঘোষণা কৰি গোচৰৰ পৰা ৰেহাই দিছি
অৱশ্যে, এতিয়াও তেওঁৰ বিৰুদ্ধে চাবুৱা থানাত থকা ১৪৪ ধাৰা ভংগ কৰাকে ধৰি ভাৰতীয় দণ্ডবিধিৰ অধীনত ৰুজু কৰা গোচৰ চলি আছিল৷ চাবুৱা বিধানসভা সমষ্টিৰ তদানীন্তন বিধায়ক বিনোদ হাজৰিকাৰ বাসগৃহ ‘কা’ আন্দোলনৰ সময়ত জ্বলাই দিয়া, চাবুৱা ৰে’ল ষ্টেছন, ডাকঘৰ, বজাৰ গৃহ জ্বলাই দিয়া ঘটনাৰ সম্পর্কত গোচৰ ৰুজু হৈছিল৷ আজি ডিব্রুগড় আদালতত উপস্থিত বিধায়ক অখিল গগৈয়ে মন্তব্য কৰে যে ন্যায় ব্যৱস্থাৰ ওপৰত তেওঁৰ সম্পূর্ণ বিশ্বাস আছে আৰু তেওঁ ন্যায় লাভ কৰিব৷
Comments