গুৱাহাটী, ১১ আগষ্টঃ কেতিয়াবা মানুহে এ টি এমত টকা উলিয়াব গৈ নগদ ধন উপলব্ধ নথকাত বহুটো সমস্যাত ভুগিব লগা হয়। এই সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় ৰিজাৰ্ভ বেংকে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰবিআইয়ে গ্ৰহণ কৰা নতুন নিয়ম অনুসৰি, এতিয়াৰে পৰা এটিএমত নগদ ধন উপলব্ধ নাথাকিলে বেংকে জৰিমনা ভৰিব লাগিব।
আগন্তুক ১ অক্টোবৰ ২০২১ ৰ পৰা প্ৰতি এমাহত ১০ ঘণ্টাতকৈ অধিক সময় এটিএম খালী হৈ থাকিলে, আৰবিআইয়ে বেংকৰ ওপৰত জৰিমনা আৰোপ কৰিব।
উক্ত বিষয় সন্দৰ্ভত ভাৰতীয় ৰিজাৰ্ভ বেংকে জানিবলৈ দিয়ে যে, "এটিএমৰ জৰিয়তে ৰাইজৰ বাবে পৰ্যাপ্ত নগদ ধনৰ উপলব্ধতা নিশ্চিত কৰিবলৈ আৰবিআইয়ে এই পদক্ষেপ গ্ৰহণ কৰিছে।
আৰবিআইয়ে লগতে কয় যে, "যদি এমাহত ১০ ঘণ্টাতকৈ অধিক সময়ৰ বাবে যিকোনো এটিএমত নগদ ধন উপলব্ধ নাথাকে, তেন্তে বেংকে ১০,০০০ টকালৈকে জৰিমনা ভৰিব লাগিব।"
Comments