গুৱাহাটী, ১১ আগষ্টঃ নৱী মুম্বাইৰ এগৰাকী ১৫ বছৰীয়া কিশোৰীয়েমাকক চিকিৎসক বনাব খোজা বাবেই ডিঙিত বেল্টেৰে মেৰিয়াই হত্যা কৰে।
বহুদিনৰে পৰা পঢ়াশুনাক লৈ মাক-জীয়েকৰ মাজত প্ৰায়ে বিবাদৰ সৃষ্টি হৈ আহিছিল আৰু অৱশেষত ১৫ বছৰীয়া ছোৱালীজনীয়ে তাইৰ মাকক কাৰাটে বেল্টেৰে ডিঙিত মেৰিয়াই শ্বাসৰুদ্ধ কৰি হত্যা কৰে। তাৰ পিছত ছোৱালীজনীয়ে ঘটনাটোক আত্মহত্যা বুলি বৰ্ণনা কৰিবলৈ চেষ্টা কৰিছিল, কিন্তু আৰক্ষীৰ জেৰাত ছোৱালীজনীয়ে সকলো কথা খুলি ক'বলৈ বাধ্য হয়।
ইপিনে, তদন্তকাৰী আৰক্ষী বিষয়া, থানাদিন পাটিলে উক্ত ঘটনা সন্দৰ্ভত কয় যে, "বিগত ৩০ জুলাইত ঘটনাটো সংঘটিত হৈছিল। ১৫ বছৰীয়া ছোৱালীজনীক পিতৃ-মাতৃয়ে তাইক চিকিৎসক হোৱাটো বিচাৰিছিল। তেওঁ অলপতে এনইইটি শ্ৰেণীত নামভৰ্তি কৰিছিল। কিন্তু ছোৱালীজনীয়ে চিকিৎসক হ'ব বিচাৰা নাছিল। তেওঁ প্ৰায়ে ইয়াৰ বাবে মাক দেউতাকৰ সৈতে কাজিয়াত লিপ্ত হৈছিল।
ছোৱালীজনীয়ে যোৱা মাহত তাইৰ মাকৰ বিৰুদ্ধে আৰক্ষীত অভিযোগ দাখিল কৰিবলৈ চেষ্টা কৰিছিল, কিন্তু আৰক্ষীয়ে তাইৰ মাকৰ লগতে তাইৰ দেউতাকক মাতি পঠিয়াইছিল। আৰক্ষীয়ে পৰামৰ্শ দি বিবাদটো সমাধান কৰিছিল। কিন্তু ৩০ জুলাইত পঢ়া-শুনাক লৈ পুনৰ ঘৰখনত আন এক বিবাদৰ সৃষ্টি হৈছিল, আৰু তেতিয়া ছোৱালীজনীয়ে তাইৰ মাকক ঠেলি দিয়াত মাকজনীয়ে মজিয়াত পৰি গৈছিল আৰু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল।
তাৰ পিছত, খঙাল অৱস্থাত থকা ছোৱালীজনীয়ে তাইৰ আঘাতপ্ৰাপ্ত মাতৃক কাৰাটে বেল্টেৰে ডিঙিত চেপি ধৰি শ্বাসৰুদ্ধ কৰি হত্যা কৰে। তাৰ পিছত ছোৱালীজনীয়ে মাকৰ ম'বাইলৰ পৰা তেওঁৰ দেউতাক আৰু খুৰাকলৈ এটা বাৰ্তা প্ৰেৰণ কৰিছিল আৰু দাবী কৰিছিল যে তেওঁৰ মাতৃয়ে নিজকে শোৱনি কোঠাৰ ভিতৰত বন্দী কৰি আত্মহত্যা কৰিছে।"
Comments