গুৱাহাটী, ১১ আগষ্টঃ দেশৰ ৰাজধানীত এজন শাসকীয় বিজেপি সাংসদক ফোনযোগে টকা দাবী কৰা ঘটনাটোৱে বৰ্তমান সকলোকে হতবাক কৰি তুলিছে। প্ৰতাপগড়ৰ বিজেপি সাংসদ সঙ্গম লাল গুপ্তাক দুৰ্বৃত্তই ফোনযোগে ৫ কোটি টকা দাবী কৰে আৰু টকা আদায় নিদিলে মৃত্যুৰ ভাবুকি প্ৰদান কৰে। বৰ্তমান দিল্লী আৰক্ষীৰ এটা বিশেষ গোটে উক্ত গোচৰটোৰ তদন্ত আৰম্ভ কৰিছে। বিচৰা হৈছে।
দিল্লীৰ নৰ্থ এভিনিউ আৰক্ষী থানাত গোচৰটো সন্দৰ্ভত এটা অভিযোগ পঞ্জীয়ন কৰা হৈছে। ফোন কৰা আৰু টকাদাবী কৰি মৃত্যুৰ ভাবুকি দিয়া লোকজনৰ মোবাইল নম্বৰ উত্তৰ প্ৰদেশৰ এখন চহৰৰ ঠিকনাত পঞ্জীভুক্ত আছে বুলি জানিব পৰা গৈছে। আৰক্ষী বিষয়াজনে লগতে কয় যে, "ফোনযোগে টকা দাবী কৰা লোকজনে দুটা ফোনকল কৰাৰ পিছত ম'বাইলটো বন্ধ কৰি ৰাখিছে।
মূল ঘটনা অনুসৰি যোৱা শনিবাৰে, যেতিয়া সাংসদজনে প্ৰতাপগড় ৰেল ষ্টেচনৰ পৰা ঘৰৰ দিশে গৈ আছিল, তেতিয়া হঠাতে কোনো অচিনাক্ত নম্বৰৰ পৰা সাংসদ গৰাকীক ফোন কৰি ৫ কোটি টকা দাবী কৰিছিল আৰু ধন আদায় নিদিলে বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি দিছিল।
পৰৱৰ্তী সময়ত সোমবাৰে পুৱা দিল্লীৰ নৰ্থ এভিনিউত থকা তেওঁৰ বাসগৃহত উপস্থিত হোৱাৰ সময়ত বিজেপি সাংসদ সঙ্গম লাল গুপ্তাক পুনৰ ৯ বজাত ভাবুকিপূৰ্ণ ফোন কৰি সন্ধিয়া ৫.৩০ বজাৰ ভিতৰত ধন আদায় দিবলৈ কোৱা হৈছিল। তাৰ পিছতে সাংসদ গৰাকীয়ে নৰ্থ এভিনিউ আৰক্ষী থানাত এটা লিখিত অভিযোগ দাখিল কৰে আৰু, উক্ত অভিযোগৰ ভিত্তিত আৰক্ষীৰ এটা বিশেষ গোটে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে।
Comments