গুৱাহাটী, ১২ আগষ্টঃ বলীউডৰ প্ৰবীণ অভিনেত্ৰী জয়া বচ্চন তেওঁৰ নাতিনী নব্যা নভেলীৰ বাবে এক প্ৰেৰণাৰ উৎস। এক বিশেষ সাক্ষাৎকাৰত নব্যাই আইতাক জয়াৰ প্ৰতি তেওঁৰ অভিমত ব্যক্ত কৰি কয় যে, আইতা মোৰ বাবে এডাল মেৰুদণ্ডৰ দৰে, তেওঁ মোক সকলো সময়তে প্ৰেৰণা জগাই আহিছে।"
নব্যাই লগতে কয় যে, "মোৰ আইতা জয়া বচ্চনে মোৰ জীৱনৰ কাম সম্পৰ্কীয় পৰামৰ্শ হওক বা ব্যক্তিগত পৰামৰ্শ হওক , সকলো সময়তে মোক এজন সুদক্ষ অভিভাৱকৰ দৰে পথ প্ৰদৰ্শন কৰি আহিছে।
নব্যা অমিতাভ বচ্চন আৰু জয়া বচ্চনৰ জীয়ৰী শ্বেতা বচ্চন আৰু ব্যৱসায়ী নিখিল নন্দাৰ কন্যা। নব্যাৰ ককা-আইতা বা খুৰাক অভিষেক বচ্চনৰ বিপৰীতে, নব্যাই এগৰাকী অভিনেত্ৰী নহয়, কিন্তু তেওঁৰ এগৰাকী সফল ব্যৱসায়ী হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
নব্যা ফৰ্ডহেম বিশ্ববিদ্যালয়ৰ পৰা ডিজিটেল প্ৰযুক্তি আৰু ইউএক্স ডিজাইনক মুখ্য বিষয় হিচাপে লৈ স্নাতক ডিগ্রী গ্ৰহণ কৰিছে।
Comments