Classifieds
View All
গুৱাহাটী, ১২ আগষ্টঃ আজি পুৱা ৯:৩০ বজাত টকিঅ' অলিম্পিকত ব্ৰঞ্জৰ পদক অৰ্জন কৰি ভাৰতৰ লগতে অসমবাসীক গৌৰৱাম্বিত কৰি তুলা লৌহকন্যা লাভলীনা বৰগোহাঁই অসমত আহি উপস্থিত হয়।
অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে আন মন্ত্ৰী, বিধায়কসকলে অসম গৌৰৱ লাভলীনাক বৰঝাৰ বিমানবন্দৰত গামোছা আৰু ফুলৰ থোপা আৰু ফুলাম জাঁপিৰে সম্ভাষণ জনায় আৰু ৰাজ্যিক অতিথি হিচাপে আখ্যা দি সম্পূৰ্ণ ৰাজকীয় মৰ্য্যদাৰে হোটেল তাজ ভিভান্তা অভিমুখে লৈ যায়।
আজি বিয়লি ৩ বজাত কলাক্ষেত্ৰ প্ৰাংগনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অসম গৌৰৱ লৌহকন্যা লাভলীনাক ৰাজ্যিক সম্ভাষণ জনোৱাৰ লগতে ১ কোটি টকা নগদ পুৰস্কাৰ আৰু এটি উচ্চ পদস্থ চৰকাৰী চাকৰি প্ৰদান কৰিব।
Comments