গুৱাহাটী,১১ আগষ্ট:সপোনত সাপ দেখাৰ বিভিন্ন অৰ্থ আছে। সপোনত সাপ দেখাটো শুভ আৰু অশুভ দুয়োটায়ে সূচায়। পিছে সেয়া নিৰ্ভৰ কৰিব আপুনি সপোনত সাপডালক কি পৰ্যায়ত দেখিছে।মানুহৰ মাজত সপোনত সাপ দেখাক লৈ বিভিন্ন লোকাচাৰৰ প্ৰচলন হৈ আহিছে,তাৰে মাজৰ কেইটামান এনেধৰণৰ:
১) সপোনত সাপ মাৰিলে?
সপোনত বহুতো সাপ একেলগে আবিৰ্ভাৱ হোৱাটো অশুভ। কিন্তু যদি আপুনি সপোনত সাপক হত্যা কৰে বা আঁতৰাই দিয়ে, ইয়াক শুভ বুলি গণ্য কৰা হয়। ইয়ে আসন্ন সংকটৰ পৰা পৰিত্ৰাণ পোৱাটোৱে সূচায়।
২) সাপে সপোনত আপোনাক খেদিলে?
যদি এডাল সাপে সপোনত আপোনাক প্ৰায়ে খেদে তেন্তে ইয়াৰ অৰ্থ হৈছে আপুনি কিবা এটা বস্তুক অত্যন্ত ভয় কৰে আৰু আপুনি ভাল নোপোৱা সত্যক সহজে গ্ৰহণ কৰিব নোৱাৰে।অদূৰ ভৱিষ্যতে আপোনাৰ লগত তেনে কোনো ভয়ংকৰ বস্তু হোৱাটোৱে সূচায়। সপোনত সাপৰ পিছে পিছে দৌৰাটোকো অশুভ বুলি গণ্য কৰা হয়।
৩) সাপে খুঁটিলে?
যদি সাপে আপোনাক সপোনত খুঁটিছে তেন্তে ইয়াৰ অৰ্থ হৈছে আপুনি সোনকালেই গুৰুতৰ ৰোগত আক্ৰান্ত হ'ব পাৰে।
৪) মৃত সাপ দেখিলে?
সপোনত মৃত সাপ দেখাটো শুভ বুলি গণ্য কৰা হয়। যদি আপুনি সপোনত এডাল মৃত সাপ দেখিছে, ইয়াৰ অৰ্থ হৈছে যে আপুনি ৰাহুৰ সকলো দুখ-কষ্ট ভুগিছে আৰু এতিয়া আপোনাৰ ভাল সময় আহিছে।
৫) সাপৰ দাঁত দেখিলে?
সপোনত সাপৰ দাঁত দেখাটো অশুভ বুলি গণ্য কৰা হয়। ইয়াৰ অৰ্থ হৈছে যে আপোনাৰ এজন বন্ধু বা আত্মীয়ই আপোনাৰ ক্ষতি কৰিব পাৰে। গতিকে এই সপোন টো অহাৰ পিছত কেইদিনমানৰ বাবে খুবেই সাৱধান হ'ব।
৬) সাপ-নিউলৰ যুদ্ধ দেখিলে?
যদি আপুনি সপোনত এডাল সাপ আৰু নেউলৰ যুদ্ধ দেখিছে, তেন্তে ই অত্যন্ত অশুভ। ইয়াৰ অৰ্থ হৈছে যে আপুনি আইনী ফান্দত পৰি আদালতত যাৱ লগা হ'ব পাৰে।
Source: Zee News
Comments