গুৱাহাটী ১১ আগষ্টঃ মঙলবাৰে নিশা দৰং জিলাৰ উপ আৰক্ষী অধীক্ষক (মুখ্য কাৰ্যালয়)ৰ নেতৃত্বত ছিপাঝাৰ আৰক্ষী থানাৰ আৰক্ষী বিষয়া সহ এটা আৰক্ষীৰ দলে ছিপাঝাৰ এটিএম চুৰিকাণ্ডৰ গোচৰ সন্দৰ্ভত বজালী জিলাৰ সৰুপেটাৰ বটুৱা অঞ্চলত অভিযান চলায়।
অভিযানকালত আৰক্ষীৰ দলটোৱে মহম্মদ চাহাৰউদ্দিন নামৰ এজন লোকক বাসগৃহৰ পৰা আটক কৰে। ইপিনে এটিএম চুৰিকাণ্ডৰে জড়িত আন এক অভিযুক্ত মহম্মদ ৰেজ্জাক আলীক আৰক্ষীয়ে আটক কৰিবলৈ চেষ্টা কৰাটো পলাই যাবলৈ সক্ষম হয়।
এটিএম চুৰিকাণ্ড সন্দৰ্ভত বিকাছ বৰুৱাই দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই আন এক অভিযুক্ত মহম্মদ ৰেজ্জাক আলীক কৰায়ত্ত কৰিব লওতে ৰেজ্জাকে আৰক্ষীৰ দলটোৰ ওপৰত গুলীচালনা কৰে আৰু আৰক্ষীয়েও প্ৰত্যুত্তৰত গুলী চলায়।
উক্ত গুলীচালনা ঘটনাত কোনো লোক আঘাতপ্ৰাপ্ত হোৱা নাছিল, যদিও অভিযুক্ত ৰেজ্জাকে পলাই যাবলৈ সক্ষম হয়। বৰ্তমান আৰক্ষীৰ দলটোৱে অভিযুক্ত ৰেজ্জাকক বিচাৰি তদন্ত অব্যাহত ৰাখিছে।
Comments