নতুন দিল্লী, ১১ আগষ্ট ঃ বিতর্কিত কৃষি আইনৰ বিৰোধিতা কৰি মঙলবাৰে বিৰোধী দলৰ কিছু সদস্যই সদনৰ মজিয়ালৈ গৈ টেবুলত বহা আৰু টেবুলত থিয় হৈ দিয়া কার্যৰ এদিনৰ পাছতে সেই ‘অশুচিকৰণ’ কার্যত গভীৰ ক্ষোভ প্রকাশ কৰাৰ সময়ত ৰাজ্য সভাৰ সভাপতি এম ভেংকায়া নাইডু আৱেগিক হৈ ভাগি পৰে৷ তেওঁ কয় যে মঙলবাৰে যিদৰে পৱিত্রতা নষ্ট কৰা হ’ল তেওঁ বৰ ব্যথিত হৈছে৷
‘গণতন্ত্রৰ মন্দিৰ’ত ‘‘অশুচিকৰণ’ৰ বাবে তেওঁ ৰাতি শুব পৰা নাই৷ মঙলবাৰে এক চমু আলোচনাৰৰ সময়ত কৃষি আইনৰ বিৰোধিতা কৰিবলৈ গৈ বিৰোধী দলৰ কিছু সদস্যই উচছৃংখল পৰিৱেশৰ সৃষ্টি কৰিছিল৷ সভাপতিজনে কয়, ‘আমাৰ মন্দিৰত ভক্তক কেৱল গর্ভগৃহলৈকেহে যাবলৈ দিয়া হয়, তাতকৈ আগলৈ নহয়৷ সদনৰ এই গর্ভগৃহত প্রৱেশ কৰাটো হৈছে এক অপৱিত্র কার্য আৰু এই বছৰ এনে কার্য সঘনাই হৈ আছে... কিছু সদস্য টেবুলত বহিছে, কিছুৱে সদনৰ টেবুলত থিয় হৈছে, এনে অশুচিকৰণৰ কার্যত ক্ষোভ প্রকাশ কৰিবলৈ আৰু গৰিহণা দিবলৈ মোৰ ভাষা নাই৷’
আৱেগত ভাগি পৰি তেওঁ কয় যে সদনক ইমান তললৈ নিয়াত বাধ্য কৰোৱা প্রৰোচনা আৰু কাৰণ বিচাৰি তেওঁ এটা উজাগৰী নিশা কটালে৷ তেওঁ কয় যে কৃষি বিষয়ক সমস্যা আৰু সমাধানৰ চমু আলোচনা আছিল কৃষকৰ দুর্দশা সম্পর্কীয় বিষয়ত নিজৰ স্থিতিৰ সৈতে কথাবোৰ লিখিত হৈ থকাৰ ‘সোণালী সুযোগ৷
’ কিছু সদস্যই ‘সদনক অশুচি কৰাৰ দুখৰ সময়খিনি’ৰ নিজৰ ফ’নেৰে দৃশ্যগ্রহণ কৰিসামাজিক মাধ্যমত প্রকাশ কৰাৰ সম্পর্কেও তেওঁ মন্তব্য কৰে৷ তেওঁ কয়, ‘এনে কৰি তেওঁলোকে জনসাধাৰণক এইটো দেখুৱালে যে কিছু অংশই নতুনকৈ লাভ কৰা প্রতিযোগিতামূলক আৰু আক্রমণাত্মক বাধাই কিদৰে আগষ্ট মাহৰ সদনক অধঃপতিত কৰিব পাৰে৷’
যি ঘটিল আৰু তাৰ কিবা প্রতিকাৰ আছে নেকি গভীৰভাৱে চিন্তা কৰিবলৈ তেওঁ ‘সদনৰ সামূহিক চেতনাক (কালেক৲টিভ কনছায়েন্স)’ আহ্বান জনায়৷ তেওঁ আৰু কয়, ‘এনে কৰাত বিফল হ’লে নিশ্চিতভাৱে আমাৰ সংসদীয় গণতন্ত্র অপ্রাসংগিক হৈ পৰিব৷ মই আপোনাক সকলোকে সোঁৱৰাব খোজোঁ যে দুদিনমানৰ পাছতেই আমি স্বাধীনতাৰ ৭৫সংখ্যক বার্ষিকী উদ৲যাপন আৰম্ভ কৰিম৷ আপোনালোকৰ প্রত্যেকৰে সন্মুখত পচন্দ স্পষ্ট৷ সকলোতকৈ ভাল সাংসদ হোৱা অথবা আটাইতকৈ বেয়া ব্যাহতকাৰী হোৱা৷’
Comments