গুৱাহাটী, ১২ আগষ্টঃ বিশ্বৰ প্ৰত্যেকখন দেশৰে নিজা নিজা সংস্কৃতি আৰু অনন্য ৰীতি-নীতি আছে। এইখন পৃথিৱীৰ বিভিন্ন দেশ ভ্ৰমণ কৰিলে তাৰ নিৰ্দিষ্ট আচাৰ-ব্যৱহাৰ তথা সংস্কৃতিৰ লগত চাঁ-চিনাকী হ'ব পাৰি।
ঠিক তেনেদৰে ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ চীনৰো কিছুমান বিশেষ ৰীতি-নীতি আছে যিয়ে সকলোকে নিশ্চিতভাৱে আঁচৰিত কৰি তুলিব।
১. ভাত খোৱা বাটিত কেতিয়াও পোনকৈ চপষ্টিক (আহাৰ খাবলৈ ব্যৱহাৰ কৰা চামুচ) ৰখা নহয়
চীন দেশত আহাৰ গ্ৰহণ কৰিবলৈ চপষ্টিক, যি এক ধৰণৰ আহাৰ গ্ৰহণ কৰা সঁজুলি ব্যৱহাৰ কৰা হয়। আৰু চীনৰ লোকসকলে ভাত খোৱা বাটিত কেতিয়াও চপষ্টিক পোনকৈ নাৰাখে।পোনকৈ ৰাখিলে ইয়াক তেওঁলোকে অশুভ বুলি গণ্য কৰে, কিয়নো মৃতকক ভাত দিয়া পৰম্পৰাৰ সময়ত চপষ্টিক পোনকৈ ৰখা হয়। সেয়েহে চীনা লোকসকলে কেতিয়াও চপষ্টিক পোনকৈ নাৰাখে।
২. উগাৰ অহাক কৃতজ্ঞতাৰ প্ৰতীক হিচাপে ধৰা
চীনত উগাৰ আহিলে কৃতজ্ঞতাৰ প্ৰতীক বুলি গণ্য কৰা হয়। কিয়নো খাদ্য গ্ৰহণৰ পিছত উগাৰ অহা মানে চীনত সন্তুষ্টিৰ লক্ষণ হিচাপে ধৰা হয় আৰু লগতে ৰান্ধনীজন্ ভাল ব্যঞ্জন ৰন্ধা বাবে তেওঁক প্ৰশংসা কৰা বুলি গণ্য কৰা হয়।
৩. চাহৰ কাপ কেতিয়াও খালী থাকিব নালাগে
চীনত চাহৰ কাপ কেতিয়াও খালী থাকিব নাথাকে। আয়োজকসকলে নিয়মীয়াকৈ নিশ্চিত কৰে যে চাহৰ কাপটো যেন খালী হৈ নাথাকে। যিগৰাকী ব্যক্তিৰ চাহৰ কাপ ভৰ্তি হৈ থIকে তেওঁ ধন্যবাদ জনাবলৈ চাহ গ্ৰহণ কৰা টেবুলখনত থপৰিয়াই দিয়ে।
৪. এবাৰতে উপহাৰ গ্ৰহণ কৰা নহয়
যদি কোনো লোকে চীনত আপোনাৰ উপহাৰ প্ৰত্যাখ্যান কৰে তেন্তে খং নকৰিব, কিয়নো চীনত প্ৰথম উপহাৰ অথবা প্ৰথম প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাৰ এক প্ৰথা আছে। কেতিয়াবা, সৌজন্যমূলক উপহাৰ তিনিবাৰলৈ অস্বীকাৰ কৰিব লাগিব, তাৰ পিছতহে সেই উপহাৰ গ্ৰহণযোগ্য হৈ পৰিব।
৫. আঙুলিয়াই দিয়াটো অত্যন্ত ভুল
চীনত কাৰোবাক আঙুলিয়াই দিয়াটো অত্যন্ত ভুল কাৰ্য্য বুলি গণ্য কৰা হয়। চীনত যিকোনো ব্যক্তি অথবা সামগ্রী দেখুৱাই দিবলৈ আঙুলিৰ সলনি গোটেই হাতখন ব্যৱহাৰ কৰা হয়। ইয়াৰ বাবে চীনা লোকসকলে হাতৰ তলুৱা ওপৰলৈ ৰাখে আৰু আঙুলিবোৰ সমতল অৱস্থাত ৰাখি সামগ্রী অথবা বস্তু প্ৰদৰ্শিত কৰে।
Comments