গুৱাহাটী, ১২ আগষ্টঃ প্ৰ'টিনৰ উৎস কণীক বিভিন্ন ধৰণে ব্যৱহাৰ কৰা হয়। চুলিৰ যতন লোৱাৰ পৰা শাৰীৰিক ব্যায়াম কৰা লোকলৈ কণী গ্ৰহণ কৰাটো অতিকৈ জৰুৰী। বিশ্বৰ সকলো ঠাইতে কণী ব্যৱহাৰ কৰা হয়। মানুহে ইয়াক খাবলৈ বিভিন্ন ধৰণে প্ৰস্তুত কৰে। কণীৰ অমলেট তৈয়াৰ কৰাৰ পৰা কণীৰ তৰকাৰীলৈ বিভিন্ন লোকে বিভিন্ন জুতি লগা ধৰণে কণীক খোৱা খাদ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰি আহিছে। বহুলোকে আকৌ সিজোৱা কণী খাবলৈ ভাল পায়। কণী স্বাস্থ্যৰ বাবে অতিকৈ উপকাৰী।
যদিও কণী কেইবাদিনলৈ ভালদৰে থাকে, কিন্তু সেইবোৰ সঠিকভাৱে সংৰক্ষণ নকৰাৰ ফলত বেয়া হ'বলৈ আৰম্ভ হয়। যাৰ ফলত ইয়াৰ পৰা অসহ্যকৰ গোন্ধ নিৰ্গত হয়।
কণী ৰেফ্ৰিজেৰেটৰৰ অবিহনে দীৰ্ঘদিনলৈ সংৰক্ষণ কৰি ৰখাৰ কেইটামান সহজ পদ্ধতিঃ
১. প্ৰথমে কণীবোৰ ভালদৰে পৰিষ্কাৰ কৰক
কণীবোৰ পানীৰে ভৰ্তি এটা পাত্ৰত ৰাখি, তাৰ পিছত কোমল হাতেৰে পৰিষ্কাৰ কৰক। তাৰ পিছত কণীবোৰ কপাহৰ কাপোৰেৰে এটা এটাকৈ ভালদৰে মচি লওক। তাৰ পিছত কণীবোৰ সংৰক্ষণ কৰিবলৈ প্ৰথমে হাতত অলপ তেল লগাই লওক। তাৰ পিছত প্ৰতিটো কণীৰ ওপৰত ভালদৰে তেল প্ৰয়োগ কৰক।তাৰ পিছত কণীবোৰ সঠিক ঠাইত থৈ দিয়ক।
২. কণী পাতল অংশটো সদায় তলৰ ফালে ৰাখক
কণী সদায় পাতল অংশটো তলমুৱা কৰি ৰাখিব লাগে। তাৰ পিছত কণীবোৰ আন এখন কণী ঢকা ঢাকনিৰে ঢাকি থৈ দিয়ক। ইয়াক শীতল ঠাইত ৰাখক, মনত ৰাখিব ৰেফ্ৰিজেৰেটৰত নহয়।
৩. প্ৰথমে কণীবোৰ পানীৰে পাত্ৰ এটাত পৰিষ্কাৰ কৰক আৰু কাপোৰেৰে মচি দিয়ক। এতিয়া এটা বাকচত নিমখ ৰাখি তাত কণীবোৰ ৰাখক। তাৰ পিছত সেইবোৰত নিমখ দিয়ক যাতে সেইবোৰ সম্পূৰ্ণৰূপে লুকাই থাকে। এই বাকচটো যিকোনো বায়ু চলাচল কৰা স্থানত ৰাখিব পাৰে।
৪. দীঘলীয়া সময়ৰ বাবে কণী সংৰক্ষণ কৰি ৰাখিবলৈ প্ৰথমে কণীবোৰ পৰিষ্কাৰ কৰক। তাৰ পিছত আপোনাৰ হাতত ভেচেলিন প্ৰয়োগ কৰক। তাৰ পিছত ইয়াক চাৰিওফালে কণীৰ ওপৰত প্ৰয়োগ কৰক। তাৰ পিছত কণীবোৰ বাচন এটাত ৰাখক আৰু সেইবোৰ যিকোনো বায়ু চলাচল কৰা স্থানত ৰাখক (লক্ষ্য ৰাখিব যে কণীবোৰ ১৫ দিনৰ মূৰত কণীবোৰৰ দিশ ওপৰৰ পৰা তললৈ আৰু তাৰ পিছত তলৰ পৰা ওপৰলৈ কৰিব)।
কণী ফ্ৰিজত ৰাখিব নালাগে, ইয়াৰ কাৰণসমূহঃ
১. কণী ফ্ৰিজত ৰাখিলে সেইবোৰ অতি সোনকালে নষ্ট হৈ যায়। ইয়াৰ ফলত নষ্ট হোৱা কণীৰ দুৰ্গন্ধই ৰেফ্ৰিজেৰেটৰত ৰখা আন বস্তুবোৰো নষ্ট কৰে।
২. শীতলকৰণে কণীৰ পুষ্টিকৰ উপাদান ধ্বংস কৰে আৰু সিজোৱাৰ সময়ত সেইবোৰ সোনকালে ভাঙি যায়। সেয়েহে কণী সদায় কোঠাৰ তাপমাত্ৰাত ৰাখিব লাগে।
Comments
পৃথিৱীৰ এনে এক ঠাই য'ত ভুলক্রমেও কোনো লোকক নিদিব আঙুলিয়াই; উগাৰ অহাৰ আছে এক বিশেষ অৰ্থ
Published on August 12, 2021|News Source : অৰূপ ডেকা
ঠিক তেনেদৰে ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ চীনৰো কিছুমান বিশেষ ৰীতি-নীতি আছে যিয়ে সকলোকে নিশ্চিতভাৱে আঁচৰিত কৰি তুলিব।
চীন দেশত আহাৰ গ্ৰহণ কৰিবলৈ চপষ্টিক, যি এক ধৰণৰ আহাৰ গ্ৰহণ কৰা সঁজুলি ব্যৱহাৰ কৰা হয়। আৰু চীনৰ লোকসকলে ভাত খোৱা বাটিত কেতিয়াও চপষ্টিক পোনকৈ নাৰাখে।পোনকৈ ৰাখিলে ইয়াক তেওঁলোকে অশুভ বুলি গণ্য কৰে, কিয়নো মৃতকক ভাত দিয়া পৰম্পৰাৰ সময়ত চপষ্টিক পোনকৈ ৰখা হয়। সেয়েহে চীনা লোকসকলে কেতিয়াও চপষ্টিক পোনকৈ নাৰাখে।
চীনত উগাৰ আহিলে কৃতজ্ঞতাৰ প্ৰতীক বুলি গণ্য কৰা হয়। কিয়নো খাদ্য গ্ৰহণৰ পিছত উগাৰ অহা মানে চীনত সন্তুষ্টিৰ লক্ষণ হিচাপে ধৰা হয় আৰু লগতে ৰান্ধনীজন্ ভাল ব্যঞ্জন ৰন্ধা বাবে তেওঁক প্ৰশংসা কৰা বুলি গণ্য কৰা হয়।
চীনত চাহৰ কাপ কেতিয়াও খালী থাকিব নাথাকে। আয়োজকসকলে নিয়মীয়াকৈ নিশ্চিত কৰে যে চাহৰ কাপটো যেন খালী হৈ নাথাকে। যিগৰাকী ব্যক্তিৰ চাহৰ কাপ ভৰ্তি হৈ থIকে তেওঁ ধন্যবাদ জনাবলৈ চাহ গ্ৰহণ কৰা টেবুলখনত থপৰিয়াই দিয়ে।
যদি কোনো লোকে চীনত আপোনাৰ উপহাৰ প্ৰত্যাখ্যান কৰে তেন্তে খং নকৰিব, কিয়নো চীনত প্ৰথম উপহাৰ অথবা প্ৰথম প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাৰ এক প্ৰথা আছে। কেতিয়াবা, সৌজন্যমূলক উপহাৰ তিনিবাৰলৈ অস্বীকাৰ কৰিব লাগিব, তাৰ পিছতহে সেই উপহাৰ গ্ৰহণযোগ্য হৈ পৰিব।
চীনত কাৰোবাক আঙুলিয়াই দিয়াটো অত্যন্ত ভুল কাৰ্য্য বুলি গণ্য কৰা হয়। চীনত যিকোনো ব্যক্তি অথবা সামগ্রী দেখুৱাই দিবলৈ আঙুলিৰ সলনি গোটেই হাতখন ব্যৱহাৰ কৰা হয়। ইয়াৰ বাবে চীনা লোকসকলে হাতৰ তলুৱা ওপৰলৈ ৰাখে আৰু আঙুলিবোৰ সমতল অৱস্থাত ৰাখি সামগ্রী অথবা বস্তু প্ৰদৰ্শিত কৰে।