গুৱাহাটী, ১২ আগষ্টঃ মেঘালয় আৰক্ষীয়ে বৃহস্পতিবাৰে শ্বিলঙৰ লাইতুমখৰা বজাৰত সংঘটিত আইইডি বিস্ফোৰণ কাণ্ডৰে জড়িত এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। যোৱা মঙলবাৰে দুপৰীয়া প্ৰায় ১:৩০ বজাত ব্যস্ত লাইতুমখৰা বজাৰৰ পিছফালে ১ কিলোগ্ৰাম ওজনৰ এটা আইইডি বিস্ফোৰণৰ ফলত এজন দোকানী আৰু এজন পথচাৰী আহত হৈছিল।
নিষিদ্ধ ঘোষিত সংগঠন হাইনিৱট্ৰেপ নেচনেল লিবাৰেচন কাউন্সিলে (এইচএনএলচি) বিস্ফোৰণ কাণ্ড সংঘটিত কৰা স্বীকাৰোক্তি দিছিল। তথ্য অনুসৰি সংগঠনটোৰ বাংলাদেশত এটা শিবিৰ আছে আৰু ২০১৯ চনত গৃহ মন্ত্ৰালয়ে "সংগঠনটোৱে এতিয়াও হিংসাত্মক কাৰ্য্যৰ সৈতে লিপ্ত হৈ আছে" বুলি ঘোষণা কৰিছে। বৰ্তমান গোচৰটো আৰক্ষীৰ অপৰাধ শাখা, পূব খাচী পাহাৰ, শ্বিলং (চিবিপিএছ)লৈ স্থানান্তৰ কৰা হৈছে।
ইপিনে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই উক্ত ঘটনা সন্দৰ্ভত তীব্ৰ গৰিহণা দিয়াৰ লগতে বিস্ফোৰণ কাণ্ডৰ গোচৰটোৰ তদন্ত ক্ষীপ্ৰ গতিত চলি আছে বুলি টুইটাৰযোগে সদৰি কৰিছে।
Comments