Classifieds
View All
সোণাৰি , ১২ আগষ্ট : চৰাইদেউ জিলা আৰক্ষীয়ে অবৈধ ড্ৰাগছ তথা নিচাজাতীয় দ্ৰব্য সৰবৰাহৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে । অসম-নাগালেণ্ড সীমান্তৰ নামতোলাত আজি আৰক্ষীয়ে বুজন পৰিমাণৰ ড্ৰাগছসহ নগদ ধন উদ্ধাৰ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে জিলা খনৰ নামতোলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অভিজিত ডেকাৰ নেতৃত্বত চলা এক অভিযানত নগদ ধনসহ ড্ৰাগছখিনি উদ্ধাৰ হয়।
নামতোলাৰ টিলা লাইনত অভিযান চলাই ড্ৰাগছ মাফিয়া ৰিনা টায়েঙৰ ঘৰত আৰক্ষীয়ে প্ৰায় ২'৮ গ্ৰাম ড্ৰাগছ , দুটা কন্টেনাৰ আৰু ৩৫০০ টকা নগদ ধন উদ্ধাৰ কৰিবলৈ সক্ষম হয়। নামতোলা আৰক্ষীয়ে এই সন্দৰ্ভত ৩৩/২১ নম্বৰত এটা গোচৰ ৰুজু কৰিছে । ইফালে ড্ৰাগছখিনি নগালেণ্ডৰ মন জিলাৰ টিজিতৰ ম:আব্দুল আজিছ নামৰ লোকজনে সৰবৰাহ কৰিছিল বুলি আৰক্ষীয়ে তথ্য উদ্ধাৰ কৰিছে।
Comments