Classifieds
View All
গুৱাহাটী,১৩ আগষ্ট:ক'ভিড মহামাৰীৰ পিছত ছিকিমৰ দুটা জনপ্ৰিয় পৰ্যটন স্থল চাংগু হ্ৰদ আৰু নাথুলা সীমান্ত আজিৰ পৰা পৰ্যটকৰ বাবে পুনৰ মুকলি কৰা হৈছে।এই বছৰৰ জুনৰ আৰম্ভণিতে ক'ভিড-১৯ ৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ বাবে দুয়োটা স্থানতে পৰ্যটকৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছিল।
চেক পোষ্ট ডিভিজনৰ এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই কয় যে,"পৰ্যটক সকলে চাংগু হ্ৰদ আৰু নাথুলা সীমান্ত পুনৰ মুকলি কৰিবলৈ অবিৰত ভাবে অনুৰোধ জনাই আহিছিল। সেইবাবে আমি এতিয়া অনুমতি পত্ৰ দিয়া কৰা আৰম্ভ কৰিছো"।
এজন ট্যুৰ অপাৰেটৰ ষ্টিভ লেপচাই কয়,"আমি সুখী যে প্ৰায় দুমাহৰ পিছত ইয়াক পুনৰ মুকলি কৰা হৈছে। আমি চেক পোষ্ট ডিভিজনৰ প্ৰতি কৃতজ্ঞ"।
Comments