গুৱাহাটী ঃ ষ্টাফ ৰিপ’র্ৰ, ১৩ আগষ্ট ঃ অসম অলিম্পিক সন্থাই অসম এমেছাৰ বক্সিং এছ’চিয়েশ্যনৰ সহযোগত শুকুৰবাৰে আয়োজন কৰা সম্বর্ধনা অনুষ্ঠানত উচুপি উঠিল পিতৃ-কন্যা৷ সম্বর্ধনা অনুষ্ঠানত কন্যা লাভলীনাৰ পিতৃ টিকেন বৰগোহঁাই আৱেগিক হৈ পৰা দৃশ্যই উপস্থিত আন সকলোৰো অন্তৰ চুই যায়৷ অলিম্পিকৰ ১২৫ বছৰীয়া ইতিহাসত অসমৰ নাম স্বর্ণিল আখৰৰে খোদিত কৰা লাভলীনাই সংবাদ মাধ্যমৰ সন্মুখত অলিম্পিকৰ বিভিন্ন অভিজ্ঞতাৰ কথা ব্যক্ত কৰে৷
পিতৃ-মাতৃৰ পৰা পূর্ণ সহযোগিতা লাভ কৰা লাভলীনাই নিজৰ ওপৰত সম্পূর্ণ বিশ্বাস ৰাখিছিল৷ অলিম্পিক জয় কৰি গৃহ ৰাজ্যত উপস্থিত হোৱা অসম গৌৰৱ লাভলীনা আৰু আগুৱাই যাব বুলি ব্যাখ্যা ব্যক্ত কৰিছে সর্বভাৰতীয় বক্সিঙৰ সচিব প্রধান হেমন্ত কুমাৰ কলিতাই৷ বর্ণময় দিনকেইটা উপহাৰ দিয়া অসম তথা ভাৰতৰো গৌৰৱৰ ৰাণী লাভলীনাৰ শলাগ লয় অসম অলিম্পিকৰ সম্পাদক লক্ষ্য কোঁৱৰে৷
ক্রীড়া মন্ত্রী বিমল বৰা, সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকন উপস্থিত থকা সম্বর্ধনা অনুষ্ঠানত লাভলীনাৰ হাতত প্রথম অলিম্পিক সন্থাই আগবঢ়োৱা তিনি লাখ টকাৰ চে’ক তুলি দিয়া হয়৷ লগতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ হৈ মুখ্যমন্ত্রীৰ প্রধান সচিব দেৱ কুমাৰ মিশ্রই অনুষ্ঠানটোত লাভলীনাৰ প্রশিক্ষকক ১০ লাখ টকাকৈ চে’ক প্রদান কৰে৷ প্রথম অসমীয়া হিচাপে অলিম্পিকত পদক জয় কৰা লাভলীনাই অসমৰ চেমনীয়াসকলক লগ ধৰিব বিচাৰে বুলি সম্বর্ধনা অনুষ্ঠানত ব্যক্ত কৰে৷ নিজৰ অলিম্পিক পদকটো সৰু ল’ৰা-ছোৱালীক স্পর্শ কৰিবলৈ দিব খোজা লাভলীনাই কয় যে ইয়াৰ দ্বাৰা তেওঁলোক উদ্বুদ্ধ হৈ উঠিব৷
এসময়ত নিজেও অলিম্পিক পদক স্পর্শ কৰিবলৈ আগ্রহ ব্যক্ত কৰা লাভলীনাই কণ কণ ল’ৰা-ছোৱালীৰ সৈতে মত বিনিময়ৰ অনুষ্ঠানো আয়োজন কৰি দিবলৈ আহবান জনায়৷ সেই আহবানৰ প্রতি সঁহাৰি জনাই সর্বভাৰতীয় বক্সিঙৰ সচিব হেমন্ত কুমাৰ কলিতাই কভিড পৰিস্থিতি শাম কাটিলেই আয়োজনৰ প্রতিশ্রুতি প্রদান কৰে৷
ৰাজ্যৰ পঠ্যক্রমত ক্রীড়া বিষয়টো অন্তর্ভুক্ত কৰিবলৈ আহবান জনাইছে বজ্র কন্যাই৷ আপোনজনৰ সৈতে সময় কটাই দিল্লীলৈ উৰা মৰা লাভলীনাক অসম অলিম্পিক সন্থাকে ধৰি বিভিন্ন ক্রীড়া সন্থা, জিলা ক্রীড়া সন্থাই সম্বর্ধনা জ্ঞাপন কৰে৷ অসম ছেপাক টাকৰ’ সন্থাৰ হৈ সম্পাদক বিষ্ণুৰাম নুনিছাইও অসম তনয়াগৰাকীক সম্বর্ধনা জনায়৷ টকিঅ’ অলিম্পিকৰ ছেমিফাইনেলৰ যুঁজখন কঠিন আছিল বুলি ব্যক্ত কৰা লাভলীনাই খেলখনৰ পৰা নিজৰ ভুল-ত্রুটীসমূহ ধৰা পেলাবলৈ সক্ষম হোৱা বুলিও জানিবলৈ দিয়ে৷
আজৰি সময়ত গান শুনি ভালপোৱা লাভলীনাই অৱশ্যে যি মন যায় তাকেই কৰিব খোজে৷ শুকুৰাৰে দিল্লীলৈ উৰা মৰা লাভলীনা ১৭ আগষ্টত ঘৰলৈ উভতিব৷ বিশ্ব চেম্পিয়নশ্বিপ, কমনৱেলথ গেমছ, এছিয়ান গেমছৰ লগতে পেৰিছ অলিম্পিকত স্বর্ণ জয়ৰ লক্ষ্য বান্ধি লোৱা লাভলীনাই প্রতিপক্ষক হৰুৱাবলৈ নিজৰ সৈতেহে যুঁজ দিয়ে বুলি প্রকাশ কৰে৷
Comments