লংকাৰ নিজা বাতৰি দিওঁতা আৰু লামডিঙৰ এজন সংবাদদাতা, ১৯ নৱেম্বৰ ঃ ‘লামডিং সংৰক্ষিত বনাঞ্চলৰ পৰা উচেছদিত ৭৩৬টা পৰিয়ালৰ প্রায় ৯০ শতাংশৰে ক’ৰবাত নহয় ক’ৰবাত নিজৰ মাটি আছে৷ সেইসকলৰ উদ্দেশ্যই হ’ল মাটি-বাৰী দখল কৰা৷ চৰকাৰে সেয়া কৰিবলৈ দিব নোৱাৰে৷ আইন সকলোৰে বাবে সমান৷ সেয়েহে চৰকাৰে সকলোকে উচেছদ কৰিছে ৷
গতিকে অনুৰোধ কৰিছোঁ নিজৰ মাটি থকাৰ পাছতো যিসকলে বনাঞ্চলৰ মাটি দখল কৰি আছে তেওঁলোক যেন গুচি যায়৷ বনাঞ্চলত থকা ৯০৯৫ শতাংশ মানুহৰে মাটি আছে৷ তেওঁলোক নিজ নিজ ঠাইলৈ গুচি যাওক৷ মাটি থকা মানুহক চৰকাৰে মাটি নিদিয়ে৷ মাটি নথকা লোকৰ সংখ্যা সীমিত৷ তেনে লোকক বাছি উলিয়াই পৰৱর্তী পর্যায়ত মাটি দিয়াৰ ব্যৱস্থা চৰকাৰে কৰিব৷ কিন্তু মাটি থকাৰ পাছতো চৰকাৰী মাটি দখল কৰিব, পৰিৱেশ বিনষ্ট কৰিব, গছ কাটিব, অভয়াৰণ্য ধবংস কৰিব সেয়া হ’বলৈ দিব নোৱাৰে চৰকাৰে৷’
আজি লামডিং সংৰক্ষিত বনাঞ্চলৰ উচেছদস্থলীত উপস্থিত হৈ তথ্য আৰু জনসংযোগ, জলসম্পদ বিভাগৰ মন্ত্রী পীয়ুষ হাজৰিকাই লামডিং বনাঞ্চলৰ পৰা উচেছদিত লোকৰ প্রতি এনেদৰেই অনুৰোধ জনোৱাৰ লগতে একপ্রকাৰ সকীয়নিও দিয়ে৷ উচচ ন্যায়ালয়ৰ নির্দেশত ৮ নৱেম্বৰৰ পৰা বন বিভাগে বৃহৎ উচেছদ অভিযান চলাই বেদখলমুক্ত কৰা ১৪১০ হেক্টৰ ভূমিৰ কমৰপানী অঞ্চলত উপস্থিত হৈ আজি দুপৰীয়া মন্ত্রীজনে পৰিদর্শন কৰে বনাঞ্চলৰ বেদখলমুক্ত ভূমি৷
পৰিস্থিতি সম্পর্কত বুজ লোৱাৰ লগতে উপায়ুক্ত, আৰক্ষী অধীক্ষক, বন সংমণ্ডল বিষয়া আৰু লামডিং সমষ্টিৰ বিধায়কৰ লগত উচেছদস্থলীতে আলোচনাতো মিলিত হয় মন্ত্রীজন৷ মন্ত্রীজনৰ লগত হোজাই জিলাৰ উপায়ুক্ত অনুপম চৌধুৰী, আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থ, হোজাই বন সংমণ্ডল বিষয়া গুণদীপ দাস, লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্রসহ বহুকেইগৰাকী প্রশাসনীয়, আৰক্ষী আৰু বন বিভাগৰ লোকো উপস্থিত থাকে৷
আনহাতে বনাঞ্চলৰ কমাৰপানী অঞ্চললৈ যোৱাৰ পথত অস্থায়ী শিবিৰ পাতি আশ্রয় গ্রহণ কৰা লোকৰ মাজেৰে গৈ মন্ত্রীজনে উচেছদস্থলীত উপস্থিত হয় যদিও পথৰ দুয়োকাষে থকা উচেছদিত চাকমা সম্প্রদায়ৰ লোকৰ অভাৱ-অভিযোগ শুনাৰ কোনো চেষ্টা নকৰিলে৷ উচেছদিত লোকে শিবিৰৰ অভাৱ-অভিযোগ সম্পর্কে মন্ত্রীজনক অৱগত কৰাবলৈ পথৰ দাঁতিত অপেক্ষা কৰি আছিল যদিও উচেছদিত লোকৰ সন্মুখেদি তীব্র বেগেৰে পাৰ হৈ যায় মন্ত্রীজনৰ কনভয়৷
Comments