গুৱাহাটী,১৮ নৱেম্বৰ:গুৱাহাটী আয়ুৰ্বেদিক মহাবিদ্যালয়ক উৎকৰ্ষতাৰ কেন্দ্ৰ (চেণ্টাৰ অৱ এক্সেলেন্স) ৰূপে উন্নীতকৰণেৰে দেশৰ আগশাৰীৰ আয়ুৰ্বেদিক চিকিৎসা শিক্ষানুষ্ঠান হিচাপে গঢ়িবলৈ অসম চৰকাৰে আগবঢ়োৱা প্ৰস্তাৱৰ আধাৰত কেন্দ্ৰীয় চৰকাৰৰ আয়ুষ মন্ত্ৰণালয়ে লোৱা সিদ্ধান্ত কাৰ্যৰূপায়ণৰ বাবে প্ৰয়োজনীয় পৰিকল্পনা আৰু প্ৰস্তুতিৰ কাম ইতিমধ্যে আৰম্ভ কৰা হৈছে । এই বিষয়ত সহযোগিতা তথা কাৰিকৰী পৰামৰ্শ আগবঢ়াবলৈ কেন্দ্ৰীয় চৰকাৰৰ আয়ুষ মন্ত্ৰণালয়ৰ উপদেষ্টা (আয়ুৰ্বেদ) ড০ মনোজ নেছাৰীৰ নেতৃত্বত কেন্দ্ৰীয় আয়ুষ মন্ত্ৰণালয়ে প্ৰেৰণ কৰা এটা বিশেষজ্ঞ দলে আজি জালুকবাৰীস্থিত চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয় পৰিদৰ্শন কৰে ।
পৰিদৰ্শনকাৰী কেন্দ্ৰীয় দলটোৰ আন চাৰিগৰাকী সদস্য হৈছে কলকতাৰ ৰাষ্ট্ৰীয় আয়ুৰ্বেদিক ঔষধ উন্নয়ন গৱেষণা প্ৰতিষ্ঠানৰ সঞ্চালক ড০ পি ভি প্ৰসাদ, আইআইটি গুৱাহাটীৰ গৱেষণা আৰু বিকাশ শাখাৰ ডীন অধ্যাপক বিমল কাটিয়াৰ আৰু গুৱাহাটীস্থিত কেন্দ্ৰীয় আয়ুৰ্বেদ গৱেষণা প্ৰতিষ্ঠানৰ সহকাৰী সঞ্চালক ড০ তাপসী বৰুৱা । আয়ুষ মন্ত্ৰণালয়ক প্ৰতিনিধিত্বকাৰী দলটোৱে ৰাজ্যিক আয়ুষ মিছন, অসমৰ সঞ্চালক ডাঃ এছ লক্ষ্মনন আৰু আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ ৰমাকান্ত শৰ্মাৰ স’তে মহাবিদ্যালয়খনৰ বিভিন্ন বিভাগ, চিকিৎসালয়কে ধৰি সমগ্ৰ চৌহদ পৰিদৰ্শন কৰি উৎকৰ্ষতাৰ কেন্দ্ৰ প্ৰকল্পৰ কাৰ্যৰূপায়ণৰে জড়িত কাৰিকৰী দিশসমূহৰ চৰজমীন অধ্যয়ন কৰে।
Comments