গুৱাহাটী, ১৯ নৱেম্বৰঃ আজিকালিৰ দিনত ম'বাইল ফোন কিমান প্ৰয়োজনীয় সেয়া হয়টো সকলোৱে জানে। ফোন অবিহনে এতিয়াৰ জীৱন কোনেও কল্পনা কৰিব নোৱাৰো। কিন্তু এতিয়া কেৱল মানুহেই নহয় কুকুৰৰ ওচৰত ফোন থাকিব আৰু ভিডিঅ' কলত সিহঁতে মালিকৰ সৈতে কথা পাতিব পাৰিব। দৰাচলতে, বিজ্ঞানীয়ে এনে এক ফোন উদ্ভাৱন কৰিছে যিয়ে কুকুৰবোৰক ভিডিঅ' কলত গৰাকীয়ে চাব পাৰিব। বিজ্ঞানীসকলে সৃষ্টি কৰা সঁজুলিটো এটা বলৰ দৰে দেখা যায়।
এই ডিভাইচটোক প্ৰটোটাইপ ডগফোন ডিভাইচ বুলি কোৱা হয়। এই ডিভাইচটোৱে কুকুৰৰ কাৰ্যকলাপবোৰো চিনাক্ত কৰিব পাৰে। ইয়াক কম্পিউটাৰৰ সৈতে সংযোগ কৰি কুকুৰে ভিডিঅ' কলৰ জৰিয়তে গৰাকীৰ সৈতে কথা পাতিব পাৰিব। এইটো এটা অতি অনন্য আৱিষ্কাৰ বুলি কোৱা হয়।
এই সঁজুলিটো গ্লাছগো বিশ্ববিদ্যালয়ৰ ড° ইলিনা হিৰস্কিজ-ডগলাচে আল্টো বিশ্ববিদ্যালয়ৰ তেওঁৰ এজন সহকৰ্মীৰ সৈতে সৃষ্টি কৰিছে। ড. ইলিনাই তেওঁৰ ১০ বছৰীয়া পোহনীয়া কুকুৰৰ বাবে এই সঁজুলিটো তৈয়াৰ কৰিছে, যিটো এতিয়া বিশ্ববাসীৰ বাবে এক আশীৰ্বাদ স্বৰূপ হৈ পৰিছে। ডঃ ইলিনাৰ কুকুৰৰ নাম হৈছে 'জেক'।
ড. ইলিনা পশু-পক্ষীৰ সৈতে বাৰ্তালাপ কৰাত বিশেষজ্ঞ। ডঃ ইলিয়ানাই কয় যে, "বিশ্বজুৰি কুকুৰ প্ৰেমীসকলে সকলো সময়তে তেওঁলোকৰ কুকুৰৰ সৈতে সংযুক্ত হৈ থাকিব বিচাৰে। ইয়াৰ বাবে তেওঁ এটা ডিভাইচ সৃষ্টি কৰিব বিচাৰিছিল। পৃথিৱীত সকলো ধৰণৰ স্মাৰ্ট পুতলা আছে, কিন্তু কুকুৰৰ লগত সংযোগ কৰিব পৰা কোনো ধৰণৰ সঁজুলি নাছিল।" ইপিনে, বলৰ দৰে দেখা ডিভাইচটো স্থানান্তৰ কৰাৰ পিছত, ইয়াৰ ওপৰত থকা এক্সেলেৰোমিটাৰটোৱে কাম কৰা আৰম্ভ কৰে আৰু ই ভিডিঅ' কল কৰা আৰম্ভ কৰে।
Comments