গুৱাহাটী, ১৯ নৱেম্বৰঃ সাধাৰণতে বিবাহিত লোকসকলে পত্নীৰ জন্মদিন মনত ৰখাটো গুৰুত্বপূৰ্ণ। কিয়নো কেতিয়াবা দেখা যায় যে যদিহে কোনো মানুহে পত্নীৰ জন্মদিন পাহৰি গৈছে, তেন্তে তেওঁৰ পত্নীৰ সৈতে মতানৈক্য সৃষ্টি হোৱাৰ লগতে দিনটোত বহুতো সমস্য হ'ব পাৰে। পত্নী বিৰক্ত হ'ব পাৰে বা কেইবাদিনো স্বামীৰ সৈতে কথা নাপাতিব পাৰে, তথাপিও কিন্তু এই শাস্তিবোৰ তেনেই সাধাৰণ।
ইপিনে, পৃথিৱীৰ এখন দেশত এনে এক অদ্ভুত আইন আছে য'ত পত্নীৰ জন্মদিন পাহৰি যোৱাটো স্বামীৰ বাবে এক ডাঙৰ অপৰাধ বুলি গণ্য কৰা হয়। এই দেশত পত্নীৰ জন্মদিন পাহৰি যোৱাৰ বাবে এক বিশেষ আইন আছে। সকলোৱে জানি আচৰিত হ'ব যে ইয়াত ভুলবশতঃ কেনোবা লোকে নিজৰ পত্নীৰ জন্মদিন পাহৰিলে স্বামীক কাৰাগাৰৰ শাস্তি দিয়া হয়। উক্ত দেশ চমোৱা হৈছে প্ৰশান্ত মহাসাগৰৰ পলিনেচিয়ান অঞ্চলৰ এখন দেশ।
এই দেশখন প্ৰাকৃতিক সৌন্দৰ্যৰ বাবে বিখ্যাত, দ্বীপৰ দৰে এই দেশখনত এক অদ্ভুত আইনৰ বাবে সমগ্ৰ বিশ্বতে চৰ্চাৰ বিষয় হৈ পৰিছে। চামোৱাৰ আইনে স্বামীক এটা সৰু ভুলৰ বাবে কাৰাগাৰলৈ প্ৰেৰণ কৰে। চামোৱাৰ আইন অনুসৰি, যদি এজন স্বামীয়ে দুৰ্ঘটনাক্ৰমে তেওঁৰ পত্নীৰ জন্মদিন পাহৰি যায়, তেন্তে ইয়াক এক ডাঙৰ অপৰাধ বুলি গণ্য কৰা হয়, আৰু যদিহে পত্নীয়ে ইয়াৰ ওপৰত অভিযোগ দিয়ে, তেন্তে স্বামীয়ে কাৰাগাৰলৈ যাব লগা হ'ব পাৰে।
কোৱা হয় যে চামোৱাত, যিসকল স্বামীয়ে তেওঁলোকৰ পত্নীৰ জন্মদিন পাহৰি যায় তেওঁলোকক প্ৰথমবাৰৰ বাবে সতৰ্কবাণী দিয়া হয়। যদি তেওঁ দ্বিতীয়বাৰ এই ভুলৰ পুনৰাবৃত্তি কৰে, তেওঁ কাৰাগাৰলৈ যাব লগা হয়।
Comments