গুৱাহাটী,১৯ নৱেম্বৰ:আজি পুৱা বিতর্কিত তিনি কৃষি আইন প্রত্যাহাৰ কৰাৰ কথা ঘোষণা কৰিছে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে । দীর্ঘ সময় ধৰি চলা আন্দোলন তুলি লোৱাৰো আহ্বান জনাইছে তেওঁ । কিন্তু প্রধানমন্ত্রীৰ মুখৰ কথাত বিশ্বাস কৰিব পৰা নাই ভাৰতীয় কিষান ইউনিয়ন (বিকেইউ)-ৰ নেতা ৰাকেশ টিকায়তে । চৰকাৰে সম্পূৰ্ণ আইনী প্ৰক্ৰিয়াৰে প্রত্যাহাৰ নকৰা পৰ্যন্ত প্ৰতিবাদ অব্যাহত থাকিব বুলি সকীয়নী দিছে তেওঁ ।
তেওঁ লগতে কয়, “সংসদত এই তিনি কৃষি আইন প্রত্যাহাৰৰ সিদ্ধান্ত পাছ নোহোৱা পৰ্যন্ত অৱস্থান ধৰ্মঘট অব্যাহত থাকিব।”২০২০ চনৰ ছেপ্টেম্বৰ মাহত সংসদত গৃহীত হৈছিল তিনি কৃষি আইন । তাৰ পাছৰ পৰাই এই আইনৰ বিৰোধিতাত হৰিয়ানা, পঞ্জাৱসহ দেশৰ বিভিন্ন প্রান্তত আন্দোলন আৰম্ভ হয় । নৱেম্বৰত কৃষকসকলে দিল্লীত গৈ ধৰ্ণাত বহে । তেতিয়াৰ পৰাই আন্দোলন অব্যাহত আছে । সেই আন্দোলনৰ আৰম্ভণিৰ পৰাই মূল গুৰি ধৰোতা আছিল বিকেইউ । শুকুৰবাৰে প্রধানমন্ত্রীয়ে কৃষি আইন প্রত্যাহাৰৰ কথা ঘোষণা কৰাত বিকেইউ-ৰ নেতা টিকায়তে সকীয়নী দিয়ে, ৬০০ কৃষকৰ আত্মবলিদানক বিফলে যাবলৈ নিদিও । এই আন্দোলনক শক্তিশালী কৰিবলৈ বহু কৃষকে প্রাণ দিছে । তেওঁলোকৰ আত্মবলিদানক উৎসর্গা কৰি পৰৱর্তী পদক্ষেপৰ কথা চিন্তা কৰা হ’ব । তেওঁ স্পষ্টভাৱে জনাইছে যে, মুখত কথাত নহয়, চৰকাৰে নিশ্চিত পদক্ষেপ গ্ৰহণ নকৰিলে আন্দোলন অব্যাহত থাকিব ।
Comments