গুৱাহাটী,১৯ নৱেম্বৰ:দক্ষিণ আফ্ৰিকাৰ মহান বেটছমেন এ বি ডি ভিলিয়াৰ্ছে ক্ৰিকেটক বিদায় জনাইছে। এ বি ডি ভিলিয়াৰ্ছে ২০১৮ চনত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় জনাইছিল কিন্তু অভিজ্ঞ বেটছমেনজনে ফ্ৰেঞ্চাইজি ক্ৰিকেটক বিদায় জনোৱা নাছিল।কিন্তু আজি তেওঁ সকলো ফৰ্মেটৰ পৰা বিদায় জনোৱাৰ লগে লগে আই পি এলত খেলিব নোৱাৰিব।
তেওঁক এতিয়াৰে পৰা বিগ বেছ, পিএছএল বা আন কোনো লীগত খেলি থকা দেখা নাযাব। এ বি ডি ভিলিয়ৰ্ছে সামাজিক মাধ্যমত তেওঁৰ অৱসৰ ঘোষণা কৰিছিল। ডি ভিলিয়ৰ্ছে টুইটাৰত লিখিছিল, 'মোৰ যাত্ৰা বহুত ধুনীয়া,এতিয়া মই ক্ৰিকেটৰ পৰা সম্পূৰ্ণৰূপে অৱসৰ লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো।
মই মোৰ ঘৰৰ পিছফালে থকা ডাঙৰ দাদা সকলৰ সৈতে খেলিবলৈ আৰম্ভ কৰিছিলো আৰু তেতিয়াৰ পৰা মই খেলখন উপভোগ কৰিছো। এতিয়া মোৰ ৩৭ বছৰ বয়সত আগৰ দৰে শক্তি নাই।'ডি ভিলিয়ৰ্ছে সন্ন্যাসৰ টুইটত পোষ্ট কৰা ফটোখনত হিন্দীত ধন্যবাদও লিখা আছে।
Comments