গুৱাহাটী, ২০ নৱেম্বৰঃ কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ এক গোচৰ অনুসৰি বিবাহ বিচ্ছেদ হোৱা এজন স্বামীয়ে তেওঁৰ সন্তানক লগ কৰিবলৈ বাধা দিয়া মাকজনীক শিশুটোক লগ কৰাই দিবলৈ অনুৰোধ কৰিছিল। আদালতে শুক্ৰবাৰে এক শুনানিৰ সময়ত শিশুটোৰ মাতৃক কৈছিল, "পিতৃ-মাতৃৰ বিবাহ বিচ্ছেদ হ'লেও, কিন্তু সন্তান এটা জন্ম হোৱাত দুয়োৰে সমানে অৰিহণা থাকে।"
ন্যায়াধীশ বি বীৰাপ্পাৰ নেতৃত্বত পৰিচালিত হোৱা বিচাৰমণ্ডলীয়ে চেন্নাইত এজন বিবাহ বিচ্ছেদ হোৱা স্বামীৰ দ্বাৰা দাখিল কৰা আবেদনৰ ওপৰত বিবেচনা কৰি কৈছিল যে, "আজিৰ যুগৰ সন্তান অধিক জ্ঞানী, তেওঁলোকৰ অভিভাৱকসকলক পৰামৰ্শ দিয়াৰ ক্ষমতা থাকে।" বিবাহ বিচ্ছেদ হোৱা স্বামীয়ে আদালতত এখন আবেদন দাখিল কৰিছিল য'ত তেওঁক তেওঁৰ ১২ বছৰীয়া পুত্ৰক লগ পাবলৈ এক অনুমতি বিচাৰিছিল।
দেউতাকৰ পক্ষৰ অধিবক্তাজনে আদালতক কৈছিল যে, "সন্তানটিৰ মাকে তেওঁৰ বিবাহ বিচ্ছেদ হোৱা স্বামীক সন্তানটোক লগ কৰিবলৈ দিয়া নাছিল।" ইফালে, শিশুটোৰ মাকৰ পক্ষৰ অধিবক্তাজনে কৈছিল, "ল'ৰাটোৱে দশম শ্ৰেণীত অধ্যয়ন কৰি আছে আৰু তেওঁৰ অৰ্ধ-বাৰ্ষিক পৰীক্ষা এই মাহৰ শেষ সপ্তাহত আৰম্ভ হ'ব। যদি তেওঁক তেওঁৰ দেউতাকক লগ কৰিবলৈ অনুমতি দিয়া হয়, তেন্তে তেওঁৰ পঢ়া-শুনাত ব্যাঘাত হ'ব।
বিচাৰমণ্ডলীয়ে এই যুক্তিৰ সৈতে একমত হোৱা নাছিল আৰু কৈছিল যে, "আজিৰ যুগৰ ল'ৰা-ছোৱালীবোৰ যথেষ্ট জ্ঞানী। এনে ধৰণৰ যুক্তি দিয়াৰ কোনো অৰ্থ নাই। বিচাৰমণ্ডলীয়ে লগতে নিৰ্দেশ দিছিল যে, "শিশুটোৱে তেওঁৰ শীতকালীন বন্ধ আৰু গ্ৰীষ্মকালীন বন্ধৰ আধা দিন তেওঁৰ দেউতাকৰ সৈতে অতিবাহিত কৰিব।"
Comments