গুৱাহাটী, ২০ নৱেম্বৰঃ ভাৰতত বহুতো আশ্চৰ্যজনক বস্তু আছে যাক হয়টো নেদেখিলে কোনেও বিশ্বাস নকৰিব। ঠিক তেনেকৈ ভাৰতত ১২ খন গাওঁ আছে যি মাটিৰ পৰা প্ৰায় ৩,০০০ মিটাৰ তলত অৱস্থিত। ইয়াত ইমানে বেছি গছ-গছনি আছে যে সূৰ্যৰ পোহৰ অতি কমকৈ পৰে। জনশ্ৰুতি অনুসৰি, ইয়াতেই দেৱী সীতাই ভূ-গৰ্ভস্থ হৈছিল। অৱশ্যে, কিছুমান লোকে এইটোও বিশ্বাস কৰে যে যেতিয়া ৰাক্ষস আহিৰাৱনে শ্ৰীৰামক আৰু লক্ষ্মণক তুলি লৈ পাতাললৈ লৈ গৈছিল, তেতিয়া হনুমানে তেওঁলোক দুয়োকে উদ্ধাৰ কৰিবলৈ পাতালত প্ৰৱেশ কৰিছিল।
ইপিনে, এই ১২ খন গাওঁ থকা কৰা ঠাইখনৰ নাম হৈছে পাতালকোট, যি মধ্য প্ৰদেশৰ ছিন্দৱাৰা জিলাত অৱস্থিত। পাতালকোট সাতপুৰাৰ পাহাৰত আছে। পাতালকোটত বহুটো ঔষধি উদ্ভিদৰ ভাণ্ডাৰ আছে আৰু ইয়াত বসবাস কৰা লোকসকলক ভূৰিয়া জনজাতি বুলি কোৱা হয়। ইয়াৰে বেছিভাগ মানুহে নিজে বনোৱা ঘৰত বাস কৰে।
তাৎপৰ্যপূৰ্ণভাৱে, পাতালকোটৰ এই ১২ খন গাঁৱত বাস কৰা লোকসকলে পৃথিৱীৰ অন্য প্ৰান্তৰ বিষয়ে বেছি গুৰুত্ব নিদিয়ে। বেছিভাগ খাদ্য সামগ্ৰী তেওঁলোকৰ গাঁৱত খেতি কৰা হয়। কোৱা হয় যে তেওঁলোকে কেৱল নিমখ কিনিবলৈ হে গাওঁৰ পৰা ওলাই আহে। আগতে এই গাওঁবোৰ পৃথিৱীৰ অন্য প্ৰান্তৰ পৰা সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিছিল। শেহতীয়াকৈ, পাতালকোটৰ কিছুমান গাওঁক পথৰ সৈতে সংযোগ কৰাৰ কাম সম্পূৰ্ণ হৈ উঠিছে।
আনহাতে, গৰমৰ দিনবোৰত প্ৰখৰ ৰ'দ থকা স্বত্বেও পাকালকোটৰ গাওঁবোৰ দিনতে সন্ধিয়াৰ দৰে দেখা যায়, কিয়নো মাটিৰ পৰা প্ৰায় ৩,০০০ ফুট তলত অৱস্থিত পাতালকোটৰ গাওঁবোৰত পোনপটীয়াকৈ ৰ'দ নপৰে। কিন্তু কেইবছৰমান আগতে মানুহে উপত্যকাৰ গভীৰ অংশৰ পৰা পাহাৰৰ শীৰ্ষলৈ স্থানান্তৰিত হৈছিল।
যদিও ক'ৰনা ভাইৰাছে সমগ্ৰ বিশ্বতে বিয়পি পৰিছিল, তেনেসময়ত ক'ৰনাই পাতালকোটৰ লোকসকলৰ পৰা সম্পূৰ্ণৰূপে অজ্ঞাত হৈ আছিল।
Comments