গুৱাহাটী, ১৮ নৱেম্বৰঃ গিনিজ ৰেকৰ্ড বুকত নাম পঞ্জীয়ন কৰিবলৈ সমগ্ৰ বিশ্বৰ মানুহে বোৰে বিভিন্ন ধৰণৰ কাৰ্যকলাপ তথা অদ্ভুত কাম কৰে। ঠিক তেনেদৰে, এগৰাকী যুৱতীয়ে শেহতীয়াকৈ এক মিনিটত হাতৰ বাহুৰে সৰ্বাধিক সংখ্যক আপেল ভাঙি অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। ভিডিঅ'টোত, লিণ্ডবাৰ্গ নামৰ এগৰাকী মহিলাই এটা এটাকৈ আপেল ভাঙি থকা যোৱা দেখা গৈছে।
ইয়াৰ মাজতে উপস্থিত দৰ্শকসকলে তেওঁক প্ৰশংসা আৰু হাত চাপৰিৰে উৎসাহিত কৰিছে। কেৱল সেয়াই নহয়, ভিডিঅ'টোত যুৱতীগৰাকীয়ে ফ্ৰাইং পেন এখন ঘূৰাই ডাঠ কিতাপ এখন ছিঙি পেলোৱা দেখা গৈছিল। ভিডিঅ'টো গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছে ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছিল। ভিডিঅ'টোৰ শিৰোনামটোত লিন্স লিণ্ডবাৰ্গ- ওৰফে মামা লু'ৰ দ্বাৰা এক মিনিটত হাতৰ বাহুৰে সৰ্বাধিক ১০টা আপেল ভাঙি পেলাইছিল।
য'ত এই পোষ্টৰ মন্তব্য শাখাত গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ সঞ্চালকসকলে মন্তব্য যোগ দি কৈছিল, 'লিনছে কানছাছত জন্ম গ্ৰহণ কৰা এগৰাকী শক্তিশালী মহিলা, যাক 'মামা লু' বুলিও জনা যায়। ইয়াৰ উপৰিও, মহিলাগৰাকীৰ এক মিনিটৰ ভিতৰত তাছপাতৰ ৫ টা বাণ্ডল ছিঙি যোৱাৰ অভিলেখ আছে। লগতে, লিনছে এক মিনিটৰ ভিতৰত টেলিফোন ডাইৰেকটৰিখন দুটা ভাগত ছিঙি পেলাইছিল।
Comments