গুৱাহাটী,১৮ নৱেম্বৰ:শেহতীয়াকৈ মুক্তি প্ৰাপ্ত বলীউডৰ ছবি সূৰ্যবংশীক বহুতো লোকে পছন্দ কৰিছিল। কিন্তু পাকিস্তানী অভিনেত্ৰী তথা আণ্ডাৰৱৰ্ল্ডৰ ডন দাউদ ইব্ৰাহিমৰ প্ৰেমিকা মাহৱিশ হায়াতে সূৰ্যবংশীৰ ওপৰত প্ৰকাশ কৰিছে চৰম অসন্তুষ্টি। তেওঁ অভিযোগ কৰিছে যে ছবিখনে ইছলামোফ'বিয়াক প্ৰচাৰ কৰিছে। কিছুমান সংবাদ মাধ্যমৰ প্ৰতিবেদনত দাবী কৰা হৈছে যে মাহৱিশ হায়াতে এই কথা প্ৰেমিক ডাউদ ইব্ৰাহিমক অৱগত কৰিছে আৰু ইয়াৰ ওপৰত শীঘ্ৰে ডাউদে ব্যৱস্থা ল'ব।
মাহৱিশে বুধবাৰে টুইটাৰত লিখিছিল,''বলীউডৰ শেহতীয়া ছবি সূৰ্যবংশীয়ে ইছলামোফ'বিয়াক প্ৰচাৰ কৰিছে।হলিউডত বস্তুবোৰ সলনি হৈ আছে আৰু মই আশা কৰো যে সীমান্তৰ সিপাৰে থকা মানুহেও ইয়াক অনুসৰণ কৰিব। মই কোৱাৰ দৰে, যদি আপুনি ইয়াক সঠিকভাৱে দেখুৱাব নোৱাৰে, অন্ততঃ মুছলমানসকলক দেখুওৱাৰ ধৰণ সলনি কৰক।'' সূৰ্যবংশীত মুখ্য চৰিত্ৰত অভিনয় কৰিছে অভিনেতা অক্ষয় কুমাৰে আৰু চলচ্চিত্ৰখনে মুক্তিৰ প্ৰথম সপ্তাহৰ ভিতৰতে ১০০ কোটিৰ ক্লাৱত নিজকে অন্তৰ্ভুক্ত কৰিছিল।
Comments